অনলাইনত টকা উপাৰ্জন কৰাৰ উপায় (Making Money Online)
অনলাইনত টকা উপাৰ্জন কৰাৰ উপায় (Making money online)
অনলাইনত ধন উপাৰ্জনৰ কিছুমান লাভা লাভ তলত উল্লেখ কৰা হ’ল।
১. নিজে স্বতন্ত্ৰ হ’ব পাৰি।
২. অতিৰিক্ত খৰচৰ বোজা এই উপাৰ্জনৰ পৰা উলিয়াব পাৰি।
৩. Students, housewife etc সকলোৱে পিতৃ-মাতৃ বা Husbandৰ বোজা হ’ব নালাগে আৰু নিজে Pocket money উলিয়াব পাৰে।
৪. নতুন দক্ষতা আৰু জ্ঞান শিকিব পাৰে।
৫. অাপুনি বৰ্তমান চলি থকা Technologyৰ সংস্পৰ্শলৈ আহে আৰু লগতে আপুনি একে সময়তে চাকৰি কৰা বা পঢ়া শুনা কৰা, উপাৰ্জন কৰা আৰু অধ্যয়ন কৰাৰ অতিৰিক্ত অভিজ্ঞতা লাভ কৰে।
Onlineত সহজে ধন উপাৰ্জন কৰাৰ কিছুমান শীৰ্ষ উপায় ইয়াত দিয়া হৈছে।
● Social Media ব্যৱহাৰ কৰক।
আজিকালি সকলোৱে Social Media ব্যৱহাৰ কৰি বহুত ধন উপাৰ্জন কৰি আছে, so অাপোনালোকেওঁ এই মাধ্যম ব্যৱহাৰ কৰি ধন উপাৰ্জন কৰিব পাৰে। যেনে Facebook, Instagram, YouTubeৰ দৰে App বোৰ আজিকালি সকলো Device তে উপলব্ধ।
● এটা YouTube channel আৰম্ভ কৰক।
অাপুনিও YouTube channel খুলি ধন উপাৰ্জন কৰিব পাৰে মাথো ইয়াৰ বাবে লাগে কেবল আগ্ৰহ (Interest) আৰু Passion. Example হিচাপে অসম আৰু ভাৰতবৰ্ষত বহুতো
Youtuber আছে যিয়ে কোটি কোটি উপাৰ্জন কৰে। আপোনালোকে Google ত search কৰিলেই গম পাব।
● Instagram Influencer বা Facebook Influencer হ’ব পাৰে।
Students, Housewife, etc সকলৰ বাবে ধন উপাৰ্জন কৰাৰ বাবে Instagram হৈছে এখন মঞ্চ যত ধন উপাৰ্জনৰ বিভিন্ন ধৰনৰ উপায় দ্ৰুতগতিত বাঢ়ি আহিছে। যদি আপুনি অনলাইনত উপস্থিতি বজাই ৰাখিব বিচাৰে তেতিয়াহলে আপুনি এটা বিশেষ Subject বা nicheৰ উপৰত Expert হৈ তাক প্ৰদৰ্শন কৰক।
● Digital দোকান এখন খোলক। (Shopify, WebCommerce or Marketplaces)
Online দোকান এখনত বিক্ৰী কৰিবলৈ আপোনাৰ মনত কিছুমান সামগ্ৰি থাকিব লাগিব বা product কিছুমান select কৰি থব লাগিব। যেনে jewellery, bag, etc.
● Affiliate Marketingৰ সৈতে ধন উপাৰ্জন কৰক।
Affiliate Marketing আৰম্ভ কৰা আৰু খুচুৰা দোকান চলোৱা প্ৰায় একে। উদাহৰনস্বৰূপে আপুনি Amazon, Flipkart আদি Companyৰ সৈতে Sign up কৰি Affiliate account খুলি উপযুক্ত ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ পিচত আপুনি Website খুলি বা Social Media বা Whattsapp ত সামগ্ৰীবোৰ বিক্ৰী কৰিব পাৰিব আৰু ধন উপাৰ্জন কৰিব পাৰিব।
● Freelanceৰ দ্বাৰা উপাৰ্জন কৰক।
যদি আপুনি এজন Programmer, Designer, Writer, Expert in any subject, তেনেহলে আপুনি আপোনাৰ talent খিনি online ৰ দ্বাৰা প্ৰকাশ কৰি income কৰিব পাৰে। কেৱল ইয়াৰ বাবে লাগে ধৈৰ্য্য আৰু অধিক শিকিবলৈ ইচ্ছা।এজন Freelancer হ’বলৈ অাপোনাৰ দুটা দক্ষতা থাকিব লাগিব। এটা হৈছে আপোনাৰ মূল দক্ষতা আৰু আনটো হৈছে Marketing Skills. আপোনাৰ লেখা সমূহ Online website দি উপাৰ্জন কৰিব পাৰিব।
● Online Money Income কৰিবলৈ ব্লগিং (Blogging) আৰম্ভ কৰক।
আপুনি আপোনাৰ লিখাৰ দক্ষতাৰ পৰা দুই ধৰনৰ ধন উপাৰ্জন কৰিব পাৰে। প্ৰথম হৈছে নিজৰ বাবে লিখক আৰু লাহে লাহে বেলেগক Article বিক্ৰী কৰি ধন উপাৰ্জন কৰিব পাৰে কিন্তু দ্বিতীয় পদ্ধতি হৈছে Blogging মানে আপোনাৰ দক্ষতাক আপুনি নিজৰ Online website বনাই প্ৰদৰ্শন কৰিব পাৰে। ইয়াত আপোনাৰ দৰ্শক (viewers) গঢ়িবলৈ কিছু সময় লাগিব কিন্তু এবাৰ আপুনি Blogৰ পৰা ধন উপাৰ্জন কৰা আৰম্ভ কৰিলে আপুনি শুই থাকোতে আপোনাৰ ব্লগে ধন উপাৰ্জন কৰে। আপুনি Google Ad sense বা বেলেগৰ Advertising কৰি, বহু ধৰনে Income কৰিব পাৰে।
● Online Tutor (টিউটৰ)
যদি আপোনাৰ শিকোৱাৰ প্ৰতি আগ্ৰহ আছে আৰু ঘৰৰ পৰা এইটো কৰাৰ কথা ভাবে, তেনেহলে এইটো আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প। Online Tutorৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে আৰু আপুনি শিক্ষাৰ্থিসকলক Onlineত যথেষ্ট সহায় কৰিব পাৰে আৰু লগত ধন উপাৰ্জন কৰিব পাৰে। Online learning ৰ বাবে, Google meet, Skype, Zoom আদি ব্যৱহাৰ কৰিব পাৰে। এনে বহুতো Website আছে যি আপোনাক বহু ধৰনে সহায় কৰিব।