Site icon Mriduu

গাজৰৰ মালপোৱা- By Monalisha Gautom

গাজৰৰ মালপোৱা

উপকৰণ ( Ingredient)

গাজৰ -২৫০g(পিহি লোৱা)

গাখীৰ-২কাপ

ময়দা -১কাপ

ঘিউ -২চামোচ

ইলাচী -৩টা

গুৰি কৰা চেনী -১কাপ

কাজু আৰু খিচমিচ -১ডাঙৰ চামোচ(কাজু মিহিকৈ কাটি ল’ব)

ভাজিবৰ বাবে ঘিউ বা তেল

 প্রস্তুত প্রণালী ( Method )

ময়দা খিনিত আধা কাপ গাখীৰ আৰু আধা কাপ চেনী মিহলাই ডাঠ ঘোল তৈয়াৰ কৰি লওক।কেৰাহীত দুই চামোচ ঘিউ গৰম কৰি গাজৰ খিনি দি পানী শুকাই যোৱাকৈ ভাজিব। এতিয়া বাকী থকা ডেৰ কাপ গাখীৰ দি ডাঠ হোৱাকৈ পগাব। এতিয়া চেনী খিনি আৰু কাজু কিচমিছ আৰু ইলাচী মিহলাই ১মিনিত মান ৰাখি গেছটো বন্ধ কৰিব।গাজৰৰ মিশ্ৰণ খিনি ঠাণ্ডা হ’লে চেপেটা চেপেটা পিঠা আকাৰ কৰি ময়দাৰ ঘোলত লেটিয়াই তেল বা ঘিউত ৰঙচুৱাকৈ ভাজি গৰমে গৰমে পৰিবেশন কৰক।

Exit mobile version