Assamese SectionFeaturedLatest Postপ্ৰবন্ধ আৰু কবিতা

চাহ মজদুৰৰ লােকগীতত নির্যাতনৰ কাহিনী- The Story of the Oppression of The Tea Laborers (Chah Majdur) in their Folk Songs (lok Geet)

চাহ মজদুৰৰ লােকগীতত নির্যাতনৰ কাহিনী- The Story of the Oppression of The Tea Laborers (Chah Majdur) in their Folk Songs (lok Geet)

দিলীপ বৰদলৈ 

ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ পৰা চাহ মজদুৰসকল নিজৰ আদি বাসভূমিত চলা তীব্র সামন্তবাদী শোষণ আৰু শাসনত জর্জৰিত হােৱাৰ বাবেই যে অসমলৈ আহিবলগীয়া হৈছিল তাত কোনাে সন্দেহ নাই। বিদেশী ঔপনিবেশিক পুঁজিবাদে ভাৰতবৰ্ষত প্রবেশ কৰাৰ পাছলৈকেও সামন্তবাদী শােষণ দেশৰ অর্থসমাজ-ব্যৱস্থাৰ অঙ্গীভূত আছিল। সমাজ জীৱনৰ সামাজিক, আর্থিক সকলাে দিশতে পিছপৰা অনুন্নত জনজাতি, উপজাতি তথা পিছপৰা সম্প্রদায়ৰ লােকৰ উপৰি সাধাৰণ মানুহাে এই সামন্তবাদী শোষণত এক প্রকাৰ দাসৰ দৰেই চলিব লগা হৈছিল। দিনটোৰ হাড় ভঙা পৰিশ্ৰমৰ বিনিময়তাে এওঁলােকে দুবেলা দুমুঠি পেট ভৰাই খাবলৈ বা পিন্ধিবলৈ এটুকুৰা কাপােৰ যােগান কৰিব নােৱাৰিছিল। ক্রমে ক্রমে খেতিৰ সাৰুৱা মাটিবােৰ তেওঁলােকৰ হাতৰপৰা আঁতৰি গৈছিল আৰু পাহাৰীয়া শুকান অনুৰ্বৰ হাবিয়নি ঠাইবােৰেই তেওঁলােকৰ বাসভূমিত পৰিণত হৈছিল। আধা কৃষি আধা শ্রম বিক্রী আৰু হাবিৰ কাঠ খৰি বিক্ৰী কৰি অতি কষ্টেৰে জীৱন নির্বাহ কৰিছিল।

যি কি নহওক ব্রিটিছ পুঁজিৰ প্ৰসাৰৰ লগে লগে ভাৰতবৰ্ষৰ সমাজ জীৱনত বহুদিনীয়া জঠৰতা ভাঙিবলৈ আৰম্ভ কৰে। ঔপনিবেশিক ইংৰাজসকলে দেশত খনি, শিল্প, চাহ খেতি আদি আৰম্ভ কৰে আৰু তাত অতি কম মজুৰিত এনেবােৰ মানুহক নিয়ােগ কৰিবলৈ লয়। ব্রিটিছে আহি অসমত চাহ খেতি কৰিবলৈ আৰম্ভ কৰাত পােনতে চীন দেশৰপৰা আৰু পাছত থলুৱা জনজাতিৰ লােকক এই কামত লগাইছিল। কিন্তু ইয়াত যথেষ্ট অসুবিধাই দেখা দিয়াত বাহিৰৰপৰা অনা অতি সস্তীয়া মানুহৰ প্রয়ােজন হৈ পৰে। সেয়ে উৎকট দৰিদ্ৰতাৰ মাজত দিন পাৰ কৰা পশ্চিমবঙ্গ, বিহাৰ, উত্তৰপ্ৰদেশ, মধ্যপ্রদেশ, উড়িষ্যা প্রভৃতিৰ পছপৰা অঞ্চলৰ পৰা ব্রিটিছসকলে আগতে উল্লেখ কৰি অহা মজদুৰ সংগ্ৰহ কৰি অসমলৈ অনাৰ নীতি গ্রহণ কৰে। এই উদ্দেশ্যে কিছুমান দালাল নিয়ােগ কৰি এনে লােক সংগ্রহ অভিযান আৰম্ভ কৰে। এই দালালবােৰ সাধাৰণ আৰকাঠীয়া” বুলি জনাজাত। এই দালাল খটুৱা এজেন্সীবােৰ সংগঠিতভাবে পৰিচালনা কৰিছিল দেশৰ ধনবান মানুহৰ সতে ইংৰাজ পুঁজিয়ে।ওপৰত উল্লেখ কৰি অহা প্রদেশৰ পিছপৰা অঞ্চলৰ লােকসকল যদিও দৰিদ্ৰতাৰ অসহ্য যন্ত্রণাত চটফটাই দিন পাৰ কৰিব লগা হৈছিল তথাপি নিজৰ আদি বাসভূমিৰ মায়া ত্যাগ কৰি অন্য এখন “অজান্তি মূলুক”অসমলৈ গুচি অহাৰ যন্ত্ৰণা আৰু তীব্র হৈ পৰিছিল। সেয়ে অসমৰ অটব্য অৰণ্য ভাঙি চাহ বাগিচা খুলিবলৈ এই লােকসকলক ফুচুলাই আনিবৰ কাৰণে ব্রিটিছ চাহ মালিকৰ কমিচন লােৱা দালালবােৰে যথেষ্ট ছলাহী কথা কৈ লােভ আদি দেখুৱাব লগা হৈছিল। অৱশ্যে প্রায় ক্ষেত্রতে মজদুৰসকলৰ জাতিভাই এচাম শিয়ান মানুহকে এই দালালগিৰি কৰাত এজেন্সীবােৰে নিযুক্তি দিছিল। সেয়ে কামটো কিছু সহজ হৈ পৰিছিল।

মজদুৰসকলৰ মনত অসমলৈ অহাৰ আগতে নানা ধৰণৰ ভাবৰ খেলি মেলিৰ উপৰি বিপৰীতমুখী বহু ধৰণৰ চিন্তায়ােউক দিছিল। এফালে সামন্তবাদী প্রভুসকলৰ নিষ্ঠুৰ অত্যাচাৰ আৰু খাই পিন্ধি বাচি থকাৰ কঠোৰ যাতনাৰপৰা মুক্তি পােৱাৰ দুৰ্বাৰ ইচ্ছা আনফালে পৈত্রিক বাসভূমি এৰিব লগা হােৱাত তীব্র যন্ত্রণাৰ লগতে দালালবােৰৰ ফুলনিত নতুন দেশৰ মনােমােহা কথা বতৰা, চাল-চলন, নিয়মকানুন আদিৰ চিন্তায়াে তেওঁলােকক জুমুৰি দি ধৰিছিল। এই ভাবৰ দোমােজাত অৱশেষত অর্থনৈতিক স্বচ্ছল অৱস্থাৰ সপােনকে বাস্তুৱত ৰূপায়ন কৰিবলৈ তেওঁলােকে সকলাে যন্ত্রণা জলাঞ্জলি দি অসমলৈ অহাটোকে ঠিক কৰিছিল আৰু এই সিদ্ধান্তই সহজ সৰল গীতৰ ৰূপত প্রকাশ পােৱা মজদুৰ সমাজত পােৱা যায়।

“চল মিলি আচাম যাব 

 দেচে বহুত দুখ ৰে

 আচাম দেচে ৰে মিনি

গাছেৰ উপৰে টাকা বে।”

উপৰােক্ত গীত ফাকিত এফালে নিজৰ দেশত পােৱা দুখ আৰু সেই দুখৰপৰা মুক্তি পাবৰ কাৰণে টকাৰে উভৈনদী (গাছের উপরে টাকা বে) বুলি শুনা অসমলৈ অহাৰ প্রবল ইচ্ছা প্রকাশ কৰা হৈছে। “গাছে উপৰে টাকা ৰে” উক্তিৰে বুজাইছে যে অসমত গৈ চাহ বাগানত সামান্য কাম কৰিলেই অজস্র টকা পােৱা যাব। সঁচা, চাহ গছত সােণ ফলে আৰু সেই সােণ গােটায় চাহ বাগিচাৰ মালিকে। কিন্তু এজন মজদুৰৰ কাৰণে এই কথা মূল্যহীন। নিজ দেশব অমানুষিক কষ্টৰ তুলনাত চাহ বাগিচাৰ শ্ৰম কম হলেও নিয়মীয়া মজুৰি পাই পেটেভাতে বাচি থকাৰ সম্ভাৱনা কণকে হয়তাে দালালইতে “গাছে উপৰে টাকা বে”বুলি প্রলােভন দেখুৱাইছিল।

 চাহ মজদুৰব লােকগীত বুলিলে আমি সাধাৰণতে ঝুমুৰ গীতকে প্রাধান্য দিওঁ আৰু ঝুমুৰ গীতৰ প্ৰায়েই যদিও প্রেম পীৰিতিনাইবা বিভিন্ন প্রাকৃতিক সৌন্দর্যকে বর্ণনা কৰি গােৱা হয়, আচলতে ঝুমুৰ গীতৰ উপৰি চাহ মজদুৰ সমাজত আৰু বহুতাে লােকগীত আছে। এই লােকগীতবােৰতত আনকি মজদুৰসকলে নিজৰ পিতৃভূমি এৰি আহিব লগা হােৱাৰেপৰা আৰম্ভ কৰি অসমত পােৱা বিচিত্র আৰু তিক্ত অভিজ্ঞতাৰ বর্ণনা পােৱা যায়।মজদুৰসকল বাধ্যত পৰিহেঅসমলৈ আহিব লগা হৈছিল। আনকি তেওঁলােকৰ মাজৰবহুলােকে কেতিয়াও নজনানুশুনা এই“অজান্তিমুলুক”অসমখনলৈ আহিবলৈ সম্পূর্ণ অমাস্তি হৈছিল। দালালসকলে কিন্তু অসম খনক ধন-ধানেৰে পৰিপূৰ্ণ আৰু আচাৰ-ব্যৱহাৰতাে এক বিচিত্র দেশ ৰুপে তেওঁলােকৰ আগতবর্ণাইছিল। দালালসকলৰ পৰা শুনা কথামতেই সেয়ে হয়তাে অসমলৈ অহাৰ আগতে এই দেশখনৰ ঐশ্বর্য আৰু বিচিত্র কথা বতৰাৰ বিষয়ে কল্পনা কৰি কোনােবা মজদুৰে গােৱা আন এটা লােকগীত : 

“আম লাগে থােপা থােপা
 তেতুল ফলে বেকা ৰে
 পূৰব দেচে (অসম) যায়ে দেখ 
বাৰীৰ হাতে চাকা (খাৰু) ৰে।”

(থােপা থােপাকৈ আৰু বেকাহৈ তেতেলী ফলাটো যেনেদৰে সাধাৰণ কথা ঠিক পূবৰ দেশখনৰ বাৰী বিধবা মানুহেও হাতত খাৰু পিন্ধাটো সাধাৰণ কথা)

অকল ইমানেই নহয়। সেই পূবৰ দেশখন যদি কেনেবাকৈ পােৱা যায় তেনেহলে তাত সকলাে দুখ যন্ত্রণা নিমিষতে নাইকিয়া হৈ যাব। সেই দেশ বিচিত্রইনহয় ঐশ্চর্যশালীও।কাৰণ যিখন দেশত বাৰী মানুহেও খাৰু পিন্ধিব পাৰে সেইখন দেশত নিজৰভনীজনীক হয়তাে ৰাণীৰদৰে সজাব পৰা যাব।এয়া আছিল অসমলৈ অহাৰ আগতে সাধাৰণ চাহ মজদুৰৰ ধাৰণা আৰু সেয়ে অসমলৈ আহিবলৈ অমান্তি, ঠেহপতা কোনােবা ভনীয়েকক ককায়েকে কৈছিলঃ

“হার্তাই দেব বহীন ৰুণু ঝণু গহণা
গড়াই দেব বহীন  ৰুচু মুচু জুতুৱা
উঠ বহীন খুলৰে মেলানী।” 

(মৰমৰ ভনীজনী উঠা যাওঁ বলা। তাত গৈ তােমাক হাতৰ কাণৰ সুন্দৰ গহণা গঢ়াই দিম আৰু ভৰিৰ কাৰণে কোমল জোতা দিম।)

নিজ জন্মভূমিৰ মায়া ত্যাগ কৰি কলিকতাৰপৰা অসম অভিমুখে অহা ৰেলগাড়ীত আহিবৰ পৰতত তেওঁলােকৰ মন কিন্তু সম্পূর্ণরূপে ফৰকাল হােৱা নাছিল। অসমত গৈ আকৌ কিজানি নিজৰ দেশৰ দুখৰে পুনৰাভিনয় হয়, সেই চিন্তাই তেওঁলােকক খুলি খুলি খাইছিল। সেয়ে অসমলৈ গৈ আকৌ একে দুখতে পৰিব লাগিব নেকি বুলি সােধা কোনাে ছােৱালীৰ প্ৰশ্নৰ উত্তৰ কোনােবা পিতৃ বা মাতৃয়ে এনেদৰে দিয়া লােকগীত আছে।

“কলকতাৰ ৰেলগাড়ী
আৱাজ কৰে ঝক্ঝক্ 
আচাম দেচে ৰে মিনি
 নাহি পাবি দুখ ৰে।” 

(কলিকতাৰপৰা অহা ৰেলগাড়ী ঝক ঝক্ শব্দ কৰি চলি আছে সােণজনী অসম দেশত একো দুখ নােপােৱা।)

দালাল, মাক, বাপেক তথা লগৰ আন লােকৰপৰা অভয় বাণী পাই বহুতৰ মনত কিছু সাহস গােট খাইছিল আৰু তেওঁলােক এটা কথাত অন্ততঃ নিশ্চিত হ’ব পাৰিছিল যে অন্য নহলেও অসমত গৈ চাহপাত চিঙি হলেও পেটৰ ভাত কিটা মােকলাব পাৰিব। আৰু সেয়ে হয়তাে ৰেলগাড়ীৰ যাত্ৰা পথত লগে লগে গাইছিল।

“আসিত ৰঙ্গে, ৰঙ্গে
 চল মায়া সঙ্গে, সঙ্গে
 চলগ মায়া বিদেশ যাব
 পাতা তুৰিয়ে ভাত খাব।” 

(আইসকল, আমি সকলাে আনন্দমনে লগে ভাগে বিদেশলৈ যাওঁ বলা। তাত সকলােৱে পাত ছিঙি (চাহপাত) ভাত খাব পাৰিম।)

দালালহঁতৰ লগত কোনােবাই নিজৰ ল’ৰা-ছােৱালীনাইবা ভাই-ভনীক অসমলৈ পঠাই দিয়া আৰু কাৰােবাক একেবাৰে বিক্ৰী কৰি দিয়া একেই কথা। কাৰণ এবাৰ দালালহঁতৰ হাতত বন্দী হৈ অসমলৈ অহা মানে পুনৰ যে কেতিয়াবা দেখা হ’বতাৰ কোনাে নিশ্চয়তা নাই। সেয়ে ঘৰৰপৰা আঁতৰত থকা কোনােবা ভায়েকে পাছত যেতিয়া তেওঁৰ ককায়েক আৰু ভনীয়েকক অসমলৈ পঠাই দিছে বুলি জানিব পাৰিছিল তেতিয়া দুখতে গাইছিল।

“বেলগাড়ী চেনটানা চেনপুৰে 
দাদা গাজাপুৰে গাজাপুৰকেৰ ভাই বহীনমান
আচাম দেচে দেলাই বিকিবি।”

(চেনপুৰ অভিমুখে ৰেলগাড়ীখন গৈ আছে আৰু দাদা গাজাপুৰত আছে। গাজাপুৰৰ ভাইভনীহঁতক অসম দেশত বিক্ৰী কৰি দিলে।)

আনহাতে আকৌ দৰিদ্ৰতাৰ যন্ত্ৰণাত বহুত মাকবাপেকে নিজৰ লৰা-ছােৱালীক দালালহঁতক বিক্রী কৰিও দিছিল। সেয়ে উপবােক্ত গীত ফাকিৰে দুয়ােটা অর্থইকৰিব পাৰে।

অসমৰ অটব্য অৰণ্য ভাঙি চাহপুলিৰউপযুক্ত মাটি উলিয়াবৰ কাৰণে সাধাৰণতে পৰিয়ালৰ পৰিশ্ৰমী, কার্যক্ষম লােকসকলকহে অসমলৈ অনাত দালালবােৰে গুৰুত্ব দিছিল। সেয়ে পৰিয়ালৰ কার্যক্ষম মানুহক ফুচুলাই গিমিটিয়া কৰি লৈ অনাত বিভিন্ন পৰিয়ালৰ লােকৰ মাজত বিচ্ছেদ ঘটিছিল। এই বিচ্ছেদৰ কৰুণ কাহিনী তলৰ গীতটিত সুন্দৰকৈ প্ৰকাশ পাইছে।

“যা তবে হনুদয়া 
দেইখ আবে লঙ্কাগড়, 
কিয়া পাখা ডলৰে
 ময়ুৰ পাখা ডলে!
 আবা, আবা বললি 
 আবা নাহি চুনেৰে
 হাইৰে  আবা ‘
 মইত কেকেৰে দুৰে যাব ৰে।
 যা তবে ছট ভাইয়া 
দেইখ আবে মাইয়া মৰ 
দুদিন কে জিনগানি
 বাবু নাখে বিশ্বাস।”

(হলুদয়া। লঙ্কাগড় (অসম) খনত ময়ুৰ চৰাইয়ে নাচে নে আন কিবা চৰাইয়ে নাচে এবাৰ হলেও চাই আহগৈচোন। মইনাে ইমান দূৰ বাট কেনেকৈ যাম? দেউতাক বহুতবাৰ ক’লে, তেওঁ কিন্তুনুশুনিলে। সৰুভাই তইয়ে এবাৰ গৈ আইক চাই আহগৈ।কাৰণ দুদিনীয়া আমাৰ জীৱনৰ কোনাে বিশ্বাসনাই।)

সামন্তবাদী শােষণৰ পৰিণাম দৰিদ্ৰতাৰ যন্ত্ৰণাত কেনেকৈ একোখন ঘৰ ঠান্ঠা হৈ গৈছিল এই গীতটোৱেই তাৰ শ্রেষ্ঠ প্রমাণ। আমি ভবা, ভাৰতীয় জন-জীৱনত সামন্তবাদী শােষণৰ এনে পৰিষ্কাৰ ছবি ফুটি উঠা গীত কমেই পােৱা যায়। বিশ্বাসঘাটক ব্রিটিছ দালালে একমাত্র নিজৰ স্বাৰ্থপূৰণৰ কাৰণেই কণ কণ ল’ৰা-ছােৱালী আৰু হয়তাে বুঢ়া নাইবা বেমাৰী বাপেকৰ পৰা চিবিচ্ছেদ ঘটাই ডেকা মাকক অসমত কাম কৰিবলৈ লৈ আনিছিল। আনহাতে ল’ৰা-ছােৱালী কেইটা কিছু বুজন হােৱাৰ লগে লগে মাকক বিচাবি বিয়াকুল হৈ পৰিছে আৰু সেয়ে সৰু ভনীয়েকে এবাৰ ভায়েকক, এবাৰ বাপেকক কাকটি মিনতি কৰি লঙ্কাগড়ত (অসম) থকা মাকক চাই আহিবলৈ খাটনি ধৰিছে। কি নিদারুণ কষ্টকৰ সেই দৃশ্য।

যি কি নহওক মনৰ নানা খেলিমেলিৰ মাজেৰে তেওঁলােক আহি অৱশেষত অসম পালেহি। সেই সময়ৰ গিৰমিটিয়া ডিপাে বােৰৰপৰা কামৰ জেগালৈ মজদুৰসকলক ভাগ কৰি নিয়াৰ লগে লগে আৰম্ভ হ’ল ব্রিটিছ পুঁজিবাদৰ নগ্ন আক্রমণ। ব্রিটিছ চাহ-মালিকৰ চমতাৰ কোব আৰু আনহাতে অসমৰ সেমেকা জলবায়ু। সেই সময়ত অসমত ভয়ঙ্কৰ ৰূপে দেখা দিয়া মেলেৰিয়া, কলে, হাইজা ইত্যাদি বেমাৰত চাহমজদুৰৰপ্রায় আধাখিনিয়ে মৰিহাজি শেষ হ’বলগা হ’ল। যি আধাবাচি থাকিল তেওঁলােকৰ ওপৰতত চলিল যমৰ যাতা। যিখন দেশত “গাছে উপৰে টাকা বে” বুলি শুনিছিল, যত ধুনীয়া ময়ুব

পখীয়ে দুলি দুলি খেলাকৰি আপােন পাহৰা হৈথাকে, য’ত বিধবা মানুহেও হাতত খাৰু পিন্ধিব পৰাঅর থাকে বুলি শুনিছিল সেইখন স্বর্ণলঙ্কাৰ সপােন নিমিষতে চাৰখাৰ হৈগ’ল। ডাঙৰসকলৰ হাড়ভাপৰিশ্ৰমৰ কথা বেলেগেই—আনকিকাকাল’ৰা-ছােৱালীবােৰকো ব্রিটিছচাহমালিকেৰক্ষা নিদিলে। সেয়ে তেওঁলােকে গাব লগা হলঃ

চট চট চুকুৰি 
বড় বড় টুকুৰি
গেলাই পাতা তৰে,
চিৰিচৰ তলে। 
ফেৰি দেখহ মৰে
 কিয় ৰূপ ধৰে 
চিৰিচৰ তলে।

(কণ কণ ছােৱালীহঁতে ডাঙৰ, ডাঙৰবলে নােৱাৰা টুকুৰি লৈ চিৰিৰ তলত চাহপাত চিঙিবলৈ গল। আমালৈ এবাৰ চোৱাচোন চিৰিচ গছৰ তলত কি অৱস্থা হৈছে।)

কেবল কাম আৰু কাম। আৰম্ভ হ’ল যন্ত্ৰৰ দৰে বিৰামহীন জীৱন। ৰাতিপুৱা চাৰিটা বজাৰ ঘণ্টাৰ লগে লগে শােৱা পাতি এৰিব লাগে আৰু আবেলি চাৰিবজাত দিনটোৰ পৰিশ্ৰমৰ অন্তত ঘৰ সােমাব লাগে। ইয়াৰ অকনমান হীন-দেৰি হলেই নিস্তাৰনাই। চাহাব, বাবু, চৰ্দাৰসকলাে একে— কেবল কামৰ তাগিদাঃ

চৰ্দাৰ বলে কাম কাম
 বাবু বলে ধৰি আন
 চাহব বলে লিব পিঠেৰ চাম।

জীৱনৰ এই অসহ্য যন্ত্রণাৰপৰা হয়তাে মজদুৰসকলে মুক্তিৰ বাট বিচাৰি হাবাথুৰি খাইছিল। অশিক্ষিত, অনাহাৰী মজদুৰসকলৰ মনত শােষণ মুক্তিৰ চিন্তাৰ উদ্রেক হােৱাটো সেইসময়ত কোনােমতেই সম্ভবনাছিলনাইবা এই পথ দেখুৱাৰ কাৰণে কোনাে উপযুক্ত লােকোনাছিল। সেয়ে কামৰ মাজে মাজে তেওঁলােকৰ নিজৰ দেশৰ পৰা আহি কি পৰিবেশত আনকি কি আহিলা-পাতি লৈ কাম কৰিবলগা হৈছে। সেয়া মনত পেলাইছিল আৰু এই সকলাে যন্ত্রণাৰ মূল মানুহ ফাকি দি অনা দালালবােৰলৈ মনত পৰি খঙত ফাটি পৰিছিল আৰু অনুতপ্ত হৈ গাইছিল।

“ৰাচিকেৰ চালান কুলি
 কলকতাৰ কলম চুৰি
 কৰ মাৰে হাবুক ডুবুক 
পাতা তলে ডেগে ডেগে 
কলম কাতে সমানে সমানে ঘনশ্যাম
ফাঁকি দিয়া চলাইল আচাম।”

চাহ মজদুৰসকলৰ এই গীতটি কেইবাটাও দিশৰ পৰা তাৎপর্যপূর্ণ। ব্রিটিছ ঔপনিবেশিক শােষণৰ এক জ্বলন্ত প্রমাণ এই গীতাকিত প্রকাশ পাইছে। ব্রিটিছসকলে একমাত্র শােষণৰ উদ্দেশ্য আগত ৰাখিয়েই যদিও ভাৰতৰ বুকুতে চাহ উৎপাদন কৰিব লগা হৈছিল তেওঁলােকে কিন্তু এই চাহ উৎপাদনৰ বাবে কোনাে দেশীয় আহিলা-পাতি ব্যৱহাৰ কৰা নাছিল। চাহ উৎপাদনৰ কাৰণে প্রয়ােজন হােৱা ডাঙৰ যন্ত্রপাতিৰ কথা বাদেই, আনকি সৰু কলম চুৰিখনাে নিজ দেশৰ পৰাই অনাই লৈছিল। ব্রিটিছসকলে চাহ উৎপাদনত প্রয়ােজন হােৱা সৰু সৰু বস্তু কোৰ, দা, কলমচুৰি ইত্যাদি ভাৰতবৰ্ষতে বনাই লােৱাৰ কোনাে যত্ন কৰা নাছিল। কিয়নাে তেনে কৰিলে ব্রিটিছসকলৰ নিজৰ বজাৰখন নষ্ট হােৱাৰ উপৰি কিছু উপৰুৱা মূলধন নিয়ােগ কৰিব লাগিলহেঁতেন। ব্রিটিছ শােষকবৰ্গই মনে-প্রাণে এইটো বিচৰা নাছিল যে ভাৰতবর্ষ ব্যৱসায় বাণিজ্যত বিকাশ লাভ কৰি আগবাঢ়ি যাওক। (উপৰােক্ত গীত ফাকিত যদিও “কলকতাৰ কলম চুৰি” বুলি উল্লেখ আছেআচলতে এই বস্তুবােৰ বিলাতৰ পৰাই অনা হৈছিল। বিলাতৰ পৰা সেই সময়ত। ভাৰতলৈ অনা প্ৰায়বােৰ বস্তুৱেই সাগৰেদি জাহাজেৰে কলিকতালৈ আনি তাৰ পৰা ৰেল বা মটৰেৰে বিভিন্ন ঠাইলৈ পঠোৱা হৈছিল।)

অকল কাম কৰাই নহয়, চাহ বাগানৰ কাম কৰাৰাে যে নির্দিষ্ট কিছুমান নিয়ম আছে সেই কথাও উপৰােক্ত গীত ফাকিত প্রকাশ পাইছে। নির্দিষ্ট সীমা পুৰা কৰি পুৰা হাজিৰা পাবৰ কাৰণে কোৰ মাৰিব লাগে বেছ জোখত আৰু খৰধৰকৈ, সেইদৰে চাহ গছৰ মাজৰনলাবােৰ অতিক্ৰম কৰি চাহপাতত তুলিব লাগে বেছ জোখত দেও দি দি, আনহাতে চাহ গছ কলমাে দিব লাগে জুখি জুখি নির্দিষ্ট জোখত আৰু একেবাৰে সমানকৈ।

চাহ মজদুৰসকলে তেওঁলােকৰ ওপৰত চলা জঘন্য অত্যাচাৰ আৰু শােষণৰ প্রধান দোষী সামন্তবাদী প্রভুসকল আৰু অসমলৈ অহাৰ পাছত ব্ৰিটিছ সাম্রাজ্যবাদী শােষকবৰ্গক চিনিব নােৱাৰি তুলানামূলকভাবে কম দোষী দালালবােৰকে সম্পূর্ণরূপে দোষী কৰিছে। তেওঁলােকে সহজ সৰলভাবেই ধৰি লৈছে যে ফুচুলাই অসমলৈ অনা দালালবােৰ কাৰণেই আজি তেওঁলােকৰ এই পানীত হাঁহনচৰা অৱস্থা হৈছে। (গীতটিত ঘনশ্যাম শব্দই দালালবােৰকে বুজাইছে। কোনাে কোনাে গীতত দালালবােৰক আৰু কঠোৰভাবে ঘৃণা কৰা বুজাবলৈ “লম্পত্যশ্যাম” শব্দটোও ব্যৱহাৰ কৰা দেখা যায়।)

দুখৰ বিষয় যে চাহ মজদুৰসকল অসমলৈ যি সপােন লৈ আহিছিল সেয়া সপােন হৈয়ে ৰ’ল। চাহাবৰ চাবুকৰ কোব খাইহাড়ভঙা পৰিশ্ৰম কৰাৰ বিনিময়তাে দুবেলা দুমুঠি যােগাৰনহ’ল। কিন্তু তেওঁলােকৰ নিস্তাৰ নাই। ঘৰত খাবলৈ থাকক বা নাথাকক ৰাতিপুৱালেই কিন্তু কামলৈ যাবই লাগিব নহ’লে যে বৰবাবুৰ লাল চকু আছে। সেয়ে তেওঁলােকে গভীৰ বেদনাত গালে

“ফজিৰ বেলা কামে যাব
 খাবাৰ কিছুনাই ৰে 
বৰবাবুৰ লাল চকু
 দেখে জীব যাই ৰে।”

দিনটোৰ হাজিৰাৰে কোনােৰকমেই এটা পৰিয়াল চলিবলৈ নাটে। যাৰ পৰিয়াল কম তেওঁলােকে হয়তাে কোনােমতে পেটে ভাতে খাব পাৰে। আনহাতে আকৌ যিমান দিন পৰিশ্ৰম কৰিব পাৰে সিমান দিনেই শ্ৰমিকৰ মূল্য থাকে। কাম কৰিব নােৱাৰি শ্ৰম শক্তি নিঃশেষ হৈ অহাৰ লগে লগে এওঁলোেকক বাগানৰ পৰা নাম কাটি কুকুৰ মেকুৰীৰ দৰে খেদি পঠোৱা হয় আৰু তেতিয়া ভিক্ষাৰ জোলােঙা লৈ ৰাজপথত ভৰি দিয়াৰ বাহিৰে আন একো উপায় নাথাকে। অসমলৈ আহি এনেয়ে এই অৱস্থা, তাতে আকৌ তাহানিতে এৰি থৈ অহা ভাইভনীহঁতে যেতিয়া একেই পথৰ পথিক হৈ অসম ওলাই লগ লাগেহি তেতিয়া অৱস্থা আৰু শশাচনীয় হৈ পৰে। তেতিয়া ভিক্ষাৰ জোলােঙা লৈ লােকৰ পদুলিয়ে পদূলিয়ে ঘুৰি গাব লগা হয় ?

“দে-গ মাতা দে-গ ভিখ
দে-গ  পদধুলি
ভাই বহিনমান আই গেল
 আচাম দেচেৰে…। 
আহা বহীন!
 আচাম দেচে বহীন
 বহুতৰে দুখ ৰে।

(আই মােক অলপ ভিক্ষা দিয়া আৰু লগতে অলপ আশীর্বাদ দিয়া। মােৰ ভাই ভনী সকলাে আহি অসম পালেহি। উঃ লীজনী। অসম দেশত যে কি ভীষণ কষ্ট!)

চাহ মজদুৰৰ জীৱন ভালকৈ অনুসন্ধান কৰিলে হয়তাে আৰু বহুতাে তেওঁলােকৰ জীৱনৰ সচাঁ প্রতিচ্ছবি জিলিকি উঠা লােকগীত পােৱা যাব। এই লােকগীতবােৰ সাধাৰণতে বয়সস্থ চাহ মজদুৰৰ মুখতহে শুনা যায়। ইতিমধ্যে পুৰণি চাম মানুহৰ মুখৰপৰা মুখ বাগৰি ডেকাচামৰ মাজলৈও এই গীতবােৰৰ কিছু আহিছে যদিও প্রায়বােৰৰে মূল্য আৰু পৰিবেশ কিন্তু একেই আছে। কাৰণ সময়ৰ পৰিৱৰ্তনত যদিও ব্রিটিছ শােষকব আঁতৰি গ’ল আনহাতে কিন্তু দেশীয় শােষকগয়াে একে শ্রেণী চৰিত্ৰ লৈয়ে শাসনভাৰ গ্রহণ কৰিলে আৰু সমাজৰ আন আন অংশৰ দৰেচাহ মজদুৰৰ ওপৰতত সমানেই শশাষণ নির্যাতন চলি থাকিল। ইয়াৰ ফলস্বৰূপেই সমাজৰআন আন দুর্বল, শােষিত শ্ৰেণীৰ দৰেই এওঁলােকৰ কোনাে ক্ষেত্রতে বিকাশ সম্ভৱ হৈ উঠা নাই। বিকাশৰ বৈষম্যৰ কাৰণেই আজি ভাৰতবৰ্ষৰ প্রান্তে প্রান্তে বিচ্ছিন্নতাবাদৰ বৰবিহ পুলি গজিবলৈ সুবিধা পাইছে। এই কথা ঠিক যে চাহ মজদুৰসকলে তেওঁলােকৰ এই অমানুষিক অত্যাচাৰৰ প্ৰতিবাদৰূপে নিশ্চয় আজি আৰু লােকগীত গােৱাত সীমাবদ্ধ নেৰাখিব। তেওঁলােকৰ এই লােকগীতৰ আঁৰৰ বেদনাসমূহৰ এদিন ভয়ানক বােমাৰ দৰে বিস্ফোৰণ ঘটিব। সেয়ে আমি ভাব, অসমৰ চাহ মজদুৰ জীৱনৰ এই তিক্ত অভিজ্ঞতা আৰু নির্যাতনৰ অন্ত পেলাবৰ কাৰণে তেওঁলােকক সুসংগঠিত কৰি আগবঢ়াই নিবলৈ অসমৰ গণতন্ত্রপ্রিয় জনগণ ওলাই আহিব লাগিব, যাতে সহস্ৰ যুগৰ বেদনাৰ ভাৰবই অনা এই দুর্জেয় শ্রমিক শক্তিক সঠিক পথেৰে পৰিচালিত কৰি সমস্ত মেহনতী জনগণৰ মূল সূঁতিত মিলাই সকলােৰে আৰু সৰ্বকালৰ কাৰণে শােষণ মুক্তিৰ সংগ্ৰামত লিপ্ত কৰাব পাৰি। এই দুর্জেয় শ্রমিক শক্তিৰ কিবা কাৰণত যদি বিপথে পৰিচালিত হ’বলগা হয় তেতিয়া সমস্ত মেহনতী জনগণৰ কাৰণেই এক প্রত্যাহান স্বৰূপ হৈ পৰিব আৰু ইয়াক অতিক্রম কৰােতে বহুতাে কষ্ট আৰুদুর্যোগৰ সন্মুখীন। হ’ব লাগিব। ইতিমধ্যে প্রতিক্রিয়াশীল শক্তিসমূহেতাে এই শ্ৰমিকসকলক বিপথে পৰিচালনা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকাৰ কথা প্রকাশ পাইছেই।

(গীত সমূহ সংগ্ৰহ কৰােতে সহায় কৰা বাবে ডিকৰাই, ঘিলাধাৰী, মাজুলিগড়, ধুলি, প্রতাপগড়, চাকোমঠা চাহ বাগিচাৰ মজদুৰ বন্ধুবান্ধবীসকললৈ মােৰ আন্তৰিক অভিনন্দন জনালাে। লেখক।) (দশম বছর ৪র্থ সংখ্যা নতুন পৃথিৱীৰ পৰা সংগৃহীত)

Leave a Reply

Your email address will not be published. Required fields are marked *