“চিলি চিকেন” (ৰেষ্টুৰেন্ট ষ্টাইলৰ – ঘৰতে বনাওক)-Chilli Chicken Recipe
“চিলি চিকেন” (ৰেষ্টুৰেন্ট ষ্টাইলৰ – ঘৰতে বনাওক)-Chilli Chicken Recipe
উপকৰণ
- চিকেন – আধা কিলাে
- কেপচিকাম – ২ টা (মােটা কৈ কাটি লব)
- পিয়াজ — ২ টা (মােটা কৈ কাটি লব)
- বিলাহী — ২ টা (মােটা কৈ কাটি লব)
- কেচাঁ জলকীয়া —- ২ টা কুটি লব
- আদা, নহৰু —- ২ চামুচ (কুটি /পিহি লব)
- ময়দা —- ২/৩ চামুচ
- কর্ণফ্লৰ পাউদাৰ —- ৩/৪ চামুচ
- জালুক গুৰি — ১ চামুচ
- চয়া চচ – ৪/৫ চামুচ (জোখ অনুপাতে)
- টমেট চচ —- ৩ চামুচ
- ভিনেগাৰ — ১ চামুচ
- জলকীয়া গুৰি —- ১ চামুচ
- নিমখ — জোখ অনুপাতে
- তেল —- জোখ অনুপাতে
প্ৰনালী
- এটা বাউলত চিকেনৰ টুকুৰাবোৰ, নিমখ, জালুকগুৰি, ময়দা, কৰ্নফ্লৰ, চয়া চচ্, ভিনেগাৰ দি ভালদৰে সানি লব লাগিব। পাৰিলে ১ ঘণ্টা থৈ দিব লাগে, যিটো আমি মেৰিনেড কৰা বুলি কওঁ।
- তাৰ পিচত চিকেনখিনি ফ্ৰাই কৰি লব লাগিব।
- এতিয়া এখন নন ষ্টিক-কেৰাহিত সোৱাদ অনুযায়ি তেল দি, আদা, নহৰু দিব লাগিব আৰু কাটি থোৱা পিয়াজ, বিলাহী, কেপচিকাম, চয়া চচ, টমেট চচ, জলকীয়া গুৰি আৰু নিমখ দি ভালদৰে লৰাই দিব লাগিব।
- এটা বাতিত অলপ গৰম পানী লৈ তাত জুখ হিচাপ কৰ্নফ্লৰ মিক্স কৰি চবজিখিনিত মিলাই দি লৰাই দিব লাগিব।
- ইয়াৰ পাচত টুকুৰা চিকেনবোৰ দি ভালদৰে লৰাই দি সিজিছে নে নাই চাই লব লাগিব।
- এতিয়া হৈ যোৱা চিলি চিকেনবোৰ গৰমে গৰমে পৰিৱেশন কৰক।