Site icon MPB Mridu

ডালিয়াৰ ভাপত দিয়া পিঠা – By Monalisha Gautom

ডালিয়াৰ ভাপত দিয়া পিঠা    

উপকৰণ

ডালিয়া -1cup(মিক্মিত গুৰি কৰি ল’ব)

চেনী – 1cup(মিক্মিত গুৰি কৰি ল’ব)

গাখীৰ -1cup

ঘিউ – 2tbsp

ইলাচী- 3টা(ডালিয়াৰ লগত গুৰি কৰি ল’ব)

বেকিং পাউদাৰ – 1tsp

প্রস্তুত প্রণালী

ডালিয়া,ইলাচী আৰু চেনী খিনি গুৰি কৰি ল’ব।(চেনী নোখোৱা সকলে গুৰ অথবা sugar free powder ব্যবহাৰ কৰিব পাৰিব) ।এতিয়া ডালিয়া চেনীৰ লগত গাখীৰ কাপ আৰু ঘিউ খিনি মিহলি কৰিব। ভালদৰে মিহলি হ’লে ২০ মিনিটৰ বাবে ঢাকি ৰাখিব।২০মিনিত পিছত ডালিয়াৰ মিশ্ৰণ খিনিত বেকিং পাউদাৰ চামোচ মিহলি কৰিব।

ইডলী ষ্টেণ্ডত তেল লগাই ইডলী খাপবোৰত মিশ্ৰণ খিনি দি ১০ মিনিটৰ বাবে ভাপত দিব। সুস্বাদু আৰু পুষ্টিকৰ এই ভাপত দিয়া পিঠাটো আবেলিৰ চাহৰ লগত বা ল’ৰা ছোৱালীৰ টিফিনত দিবলৈ বৰ ভাল। এইটো অতি সহজে তৈয়াৰ কৰিব পৰা ৰেছিপি।(আপোনালোকে মোৰ ৰেচিপি সমুহ মোৰ Youtube channel Monalisha’s recipes ত চাব পাৰিব।)

Exit mobile version