Site icon MPB Mridu

তন্দুৰি চিকেন (অসমিয়াত) Tandoori Chicken – How to Make it-Grill or Oven

তন্দুৰি চিকেন

উপকৰণ

  1. কুকুৰা চিকেন : ১ কিলাে ওজনৰ এটা (গােটাকৈয়ে চাফা কৰি ল’ব বা টুকুৰা কৈ কটা)
  2. ডাঠ দৈ— ১/২ কাপ
  3. নহৰু :  ১২ ফুটা (বটি ল’ব)
  4. ধনিয়া : ২ চাহ চামুচ
  5. আদা বটা : ২ চাহ চামুচ
  6. কলা জীৰা : চাহ চামুচেৰে ১ চামুচ
  7. নেমুৰ ৰস- ১ or ২ চামুচ
  8. কাশ্মীৰী জলকীয়া : ৮ টা
  9. খাদ্যত ব্যৱহাৰ কৰা ৰঙা ৰং (Erythrocyn) : চাহ চামুচেৰে ১ চামুচ (দিব পাৰে)
  10. ঘিউ :  কুকুৰাটোত সানিবৰ জোখাৰে
  11. নিমখ : সােৱাদ মতে
  12. ভিনেগাৰ :  চাহ চামুচেৰে ২ চামুচ

প্ৰনালী

  1. প্ৰথমে গুড়ি কৰা কলা জলকীয়া, ধনিয়া আৰু কলা জীৰাখিনি কেৰাহীত ভাজি লব লাগিব।
  2. তাৰ পিচত আদা-নহৰু বটা দি, নিমখ, তেল আৰু ভিনেগাৰখিনি (বা নেমু) ভালদৰে মিহলাই লওক।
  3. দেখাত সুন্দৰ হ’বৰ কাৰনে ৰঙা ৰঙো দিব পাৰে।
  4. এতিয়া বটা মচলাখিনি কুকুৰাটোত সানি মেৰিনেট কৰিব লাগিব। মেৰিনেট ২ ঘণ্টামানৰ বাবে কৰিব পাৰে বা বেছিকৈওঁ কৰিব পাৰে। কিন্তু মিনিমাম ১ ঘণ্টা কৰিব লাগিব।
  5. তাৰ পিচত লোৰ শলা এডালত, কুকুৰাটো ভালকৈ ভৰাই বা সী লৈ পকা অঙঠাৰ ওপৰত বা তন্দুৰ বা গ্ৰীলত প্ৰয়োজন মতে সেকিব লাগিব।
  6. সাধাৰনতে অঙঠাৰ ওপৰত ২০-৩০ মিনিট আৰু গ্ৰীলত ৪০-৫০ মিনিট সেকিলেই কুকুৰাটো সিজে।
  7. এটা কথা মনত ৰাখিব যে সেকাৰ সময়ত কুকুৰাটোত মাজে মাজে বাটাৰ বা ঘিউ সানি থাকিব লাগে যাতে ই সুন্দৰকৈ সিজে।
  8. তাৰ পিচত ধুনীয়াকৈ সজাই পিয়াজ, গাজৰ, নেমুৰ মিশ্ৰনৰে পৰিবেশন কৰিলে হ’ল। চাইজ বোৰ নিজৰ মতে কাতি ল’ব।
Exit mobile version