পর্বতত কাছকণী, ভৈয়ামত বান I বৰলাক বিচাৰিছে শুকান ধান।অসমীয়া ফকৰা যোজনা
পর্বতত কাছকণী, ভৈয়ামত বান
বৰলাক বিচাৰিছে শুকান ধান।
MEANING: (অৰ্থ)—- কাছ জলচৰ প্রাণী। গতিকে পর্বতত কাছৰ কণী বিচাৰিলে পােৱা নাযায়। তেনেদৰে বানপানী দ ঠাইতহে হয়, ভৈয়ামত নহয়। তেনেদৰে বৰলা অর্থাৎ বিয়া নকৰােৱা মানুহৰ ঘৰত শুকান ধান বিচাৰিলে পােৱা নাযায়। কাৰণ ধান শুকুওৱা কামটো কষ্টৰ কাম আৰু তেনে ধৰণৰ কাম বৰলা মানুহে নকৰে। এতেকে যি ঠাইত যি বস্তু বিচাৰিলে পােৱা নাযায়, সেই ঠাইতে সেই বস্তু বিচৰা।
গা সাতখন-আঠখন কৰা
MEANING: (অৰ্থ)—- নাচনীয়ে নাচোঁতে গা বৰকৈ ভাগে। এই স্থলত গা ইমান ভাগে বােলা হৈছে যে সি সাতখন-আঠখন হৈ যায়। এতেকে আনন্দত বৰকৈ নচা অর্থাৎ উত্ৰাৱল হােৱা ।
কাঠৰ পুতলা
MEANING: (অৰ্থ)—- কাঠৰ পুতলাইনিজে একো কৰিব নােৱাৰে। মানুহে যেনেকৈ নচুৱায় সি তেনেকৈ নাচে। এতেকে— সর্বতােভাৱে পৰৰ দ্বাৰা পৰিচালিত মানুহ ।