Assamese SectionFeaturedLatest Postপ্ৰবন্ধ আৰু কবিতা

বাৰ্ধক্যক কিদৰে আনন্দময় কৰিব পাৰি ?? – দিলীপ বৰদলৈ @ DILIP BORDOLOI

বাৰ্ধক্যক কিদৰে আনন্দময় কৰিব পাৰি ??

Growing old is perhaps a more hard task than growing into adulthood…….K. V. Chaeko

জীৱন নাটৰ শেষ অধ্যায় হ’ল বার্ধক্য। বাল্যকাল পাৰ কৰি যৌৱনৰ দুৱাৰডলিত ভৰি দিয়াৰ লগে লগে সােণালী সপােন, আশা-আকাংক্ষাৰে জীৱন ৰঙীণ হৈ পৰে। আত্মবিশ্বাস আৰু সাহসেৰে জীৱন-যুঁজত যুঁজাৰ বাবে মানসিকতা গঢ় ল’বলৈ ধৰে আৰু এনেকৈয়ে পােৱা-নােপােৱাৰ আনন্দ, বেদনাৰ মাজেৰে আগবাঢ়ে জীৱন।এইদৰেই সংগ্ৰামৰ মাজেৰেই বহু সময়ত আনকি নিজে কব নােৱাৰাকৈয়ে মধ্যবয়স অতিক্ৰম কৰি আহি পৰে বার্ধক্য। সেইদৰে বার্ধক্যত প্রৱেশৰ লগে লগে আহি পৰে আগতে কেতিয়াও চিন্তা-ভাবনা নকৰা নতুন কর্মপদ্ধতি আৰু বিভিন্নধৰণৰ নতুন নতুন সমস্যা। স্বাস্থ্য সমস্যাৰ উপৰি বার্ধক্যত আহি পৰা বিভিন্নধৰণৰ মানসিক সমস্যাসমূহে এসময়ৰ অতি সাহসী আৰু দুর্দান্ত কর্মশক্তিসম্পন্ন ব্যক্তিকো কোঙা কৰি পেলােৱা দেখা যায়।

, বিশেষকৈ আধুনিক যুগৰ সৰু পৰিয়ালৰ নাতি-নাতিনীবিহীন ককাআইতাকসকলৰ অৱস্থা অতিশয় বেদনাদায়ক। বিভিন্নধৰণৰ অসুখ-বিসুখত ভুগি থকাৰ উপৰি এই বয়সত নাতি-নাতিনীহঁতৰ সান্নিধ্যৰ পৰাও বঞ্চিত হৈ এক নিঃসংগ মানসিক যন্ত্রণাত  বৃদ্ধসকলে জীৱন অতিবাহিত কৰিবলগীয়া হয়।এফালে মানসিক যন্ত্রণা আৰু আনফালে বার্ধক্য, এনে এক অৱস্থাত জীৱন অসহনীয় হৈ উঠে। সেয়ে কোৱা হৈছে ‘Naturally, we find that growing old gracefully is perhaps the most difficult task in this world, Since it is a sort of denouncement time when every individual begins to feel that the day reckoning has come!’ – K.V. Chaeko..

প্রকৃততে যি দেখা গৈছে, বৃদ্ধ বয়সতে বা আন বয়সতে হওক নিসংগতা দূৰ কৰাৰ কোনাে নির্দিষ্ট ঔষধ বা আন উপায় নাই। গভীৰভাৱে লক্ষ্য কৰিলে দেখিম যে জীৱনৰ প্রত্যেকটো ঢাপতে প্রকৃততে আমি নিসংগ। আনহাতে বৃদ্ধ বয়সত এই নিসংগতাই ভয়াৱহ ৰূপ ধাৰণ কৰে। সেয়ে নিঃসংগতাক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে ধৰি লৈ ইয়াক জয় কৰাৰ কৌশল আয়ত্ত কৰিব লাগিব। সেয়ে বােধকৰাে কোৱা হৈছে— Accepting loneliness as a part of life is one positively graceful way of making old age happier and less traumatic.-Uma Ranganathan .

বৃদ্ধ বয়সৰ নিসংগতাৰ আন এক প্রধান কাৰণ হ’ল দীর্ঘদিনৰ নিয়মীয়া কামৰ অভ্যাসত যতি পৰা। শেহতীয়া এক প্রতিবেদন প্রকাশ যে আজি গােটেই বিশ্বতে বয়সস্থসকলৰ সমস্যা অতিপাত বাঢ়ি গৈছে। আৰু ইয়াৰ এক প্রধান কাৰণ হ’ল আয়ুস বৃদ্ধি। মানুহে মৃত্যুক যদিও কেতিয়াও জয়, কৰিব নােৱাৰে, তথাপি আয়ুসকাল বৃদ্ধিত কিন্তু বিজ্ঞানীসকলে যথেষ্ট সফলতা অর্জন কৰিছে।বিগত শতাব্দীৰ, দ্বিতীয়ার্ধৰ পৰা হিচাপ’কৰি যি পােৱা গৈছে, সেই হিচাপমতে বিশ্বত ১৯৫০ চনত জনসংখ্যা মাত্র ১.৭ শতাংশ পুৰুষে ৭০ বছৰ আৰু নাৰীৰ ২ শতাংশইহে ৭০ বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। আনহাতে ২০০০ চনত এই সংখ্যা যথাক্রমে ৩ আৰু ৩.৪ শতাংশ পাইছেহি। সেয়ে এই বৃদ্ধসকলৰ জীয়াই থকাৰ আনুষংগিক সমস্যাও বাঢ়ি গৈছে। বিশ্বৰ আন প্ৰান্তৰ দৰে ভাৰতবৰ্ষতাে মানুহৰ গড় আয়ুস বাঢ়ি গৈছে। ঊনবিংশ শতাব্দীত ৪০ জন ভাৰতীয়ৰ মাজত এজনহে ৬৫ বছৰ আয়ুস পােৱা ব্যক্তি পােৱা গৈছিল। এতিয়া কিন্তু এই সংখ্যা বাঢ়ি ৮ হৈছে। 

বর্তমান গােটেই বিশ্বৰ মানুহৰ বয়স বঢ়াৰ লগে লগে তেওঁলােকে সন্মুখীন হােৱা বিভিন্ন সমস্যাসমূহ অধ্যয়ন কৰিবৰ বাবে বার্ধক্যবিদ্যা বা ‘জেণ্ট’লজি’ নামে এক বিশেষ চৰ্চাৰ সূত্রপাত হৈছে। মানুহৰ বয়স বঢ়াৰ লগে লগে যিবােৰ সমস্যা, উপসর্গৰ সন্মুখীন হ’বলগীয়া হয়, সেইবােৰ অতিক্ৰম কৰাৰ উপায় উদ্ভাৱন কৰাই এই বিদ্যাৰ প্রধান উদ্দেশ্য। পশ্চিমৰ দেশসমূহত জেন্ট’লজিৰ অনেক গৱেষণা হােৱাৰ উপৰি বৃদ্ধসকলৰ পৰিচৰ্যাৰ বিষয়ত ইয়াক বহুলভাৱে প্রয়ােগ কৰা হৈছে। অনেক নতুন নতুন সূত্ৰৰ আৱিষ্কাৰ হােৱাৰ উপৰি অনেক তথ্যও ওলাই আহিছে। এই বিষয়ত জার্মান গৱেষক ৰবনাৰে ১৯০৮ চনত গৱেষণা আৰম্ভ কৰে আৰু মার্কিন বিজ্ঞানী পার্লওএ ১৯২৮ চনত এক নতুন তত্ত্ব উদ্ভাৱন কৰে। হাংগেৰীৰ পদার্থবিদ লিও জিলাৰ্ড, অষ্ট্রেলিয়াৰ গৱেষক বার্নেট, ৰাছিয়াৰ ভলাদিমিৰ ভিলম্যান প্ৰমুখ্যে বিজ্ঞানীসকলে বৃদ্ধ বয়সৰ সমস্যা সন্দৰ্ভত গৱেষণা চলাই বার্ধক্যবিদ্যাক এক স্বয়ংসম্পূর্ণ বিজ্ঞান বিষয়ত পৰিণত কৰিছে। এই নতুন বিষয়টোক কেন্দ্র কৰি পশ্চিমীয়া দেশসমূহত বিশদভাৱে আলােচনা-বিলােচনা আৰম্ভ হৈ গৈছে আৰু বয়সীয়া ব্যক্তিসকল ইয়াৰ পৰা উপকৃত হৈছে। এই ব্যক্তিসকলৰ বার্ধক্যৰ বেদনা দূৰ কৰিবৰ কাৰণে আমাৰ দেশতাে যে এই বিষয়ত বহুল আলােচনাৰ প্রয়ােজন হৈ পৰিছে, তাত কোনাে সন্দেহ নাই।

এইক্ষেত্ৰত অৱশ্যে একমাত্র প্রতিষ্ঠানিক চিন্তা-চৰ্চাতে বিষয়টো সীমাবদ্ধ নাৰাখি বয়সস্থসকলৰ সমস্যাসমূহ মানৱীয়, দৃষ্টিকোণৰ পৰাও চাব লাগিব। আমাৰ সমাজৰ বয়ােবৃদ্ধসকল জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। গােটেই জীৱনজুৰি নানাধৰণৰ সংগ্রাম, সংঘাতেৰে আৰ্জিত তেওঁলােকৰ অভিজ্ঞতাসমূহ আমাৰ নতুন পুৰুষে উলিয়াই ল’ব পাৰিব লাগিব। গল্পৰ আকাৰেই এই বৃদ্ধসকলে দিব পাৰে একো একোটা এলেকাৰ ইতিহাস, ভূগােলৰ ৰসাল বর্ণনা। এনে কাৰ্যই নতুন পুৰুষক জ্ঞান আহৰণত সহায় কৰাৰ লগে লগে বৃদ্ধসকলেও নিসংগ বেদনাৰ পৰা মুক্ত হৈ গৌৰৱান্বিত হােৱাৰ সুযােগ পায়। বয়স হােৱাৰ লগে লগে সকলাে প্রবীণেই যিহেতু এশ ভাগেই অকামিলা হৈ নাযায়,সেয়ে একমাত্র অতীতৰ স্মৃতিচাৰণ কৰাৰ – উপৰি সমাজক দিবৰ বাবে বহু কামেই কৰি যাব পাৰে।

বয়সস্থসকলৰ এই কর্মোদ্যমক কামত লগাব পাৰিলে আমাৰ সমাজ দুই ধৰণে লাভৱান হ’ব পাৰে। প্রথমত সমাজে অভিজ্ঞ প্রবীণজনৰ পৰা কিছু উপদেশ বা কাম পালে আৰু আনহাতে প্রবীণজনৰ আমনিদায়ক গতানুগতিক অৱসৰৰ জীৱনলৈও কিছু নতুনত্ব আহিল। প্রবীণজনে কিবা এক কৰাৰাে আনন্দ অনুভৱ কৰিব পাৰিলে। শিশুসকলৰ লগত সময় পাৰ কৰা, তেওঁলােকক পঢ়োৱা, ঘৰৰ বাৰীখনৰ পৰিচৰ্যা কৰা, মাজে-সময়ে ৰন্ধাবঢ়া কৰা, আত্মীয়সকলৰ ঘৰলৈ অহা-যােৱা কৰা আদি কামবােৰ এই প্রবীণসকলক কৰিবলৈ দিলে তেওঁলােকে আনন্দিত হােৱাই দেখা যায়। আজি এই বিষয়বােৰৰ ওপৰত নতুনকৈ চিন্তা-চৰ্চা কৰাৰ সময় আহি পৰিছে।

আমি আগতে উল্লেখ কৰি আহিছাে যে একো একোটা এলেকাৰ প্রবীণসকল এলেকাটোৰ জ্ঞানৰ ভাণ্ডাৰ। সেয়ে একোজন প্রবীণৰ মৃত্যুৰ লগে লগে একো একোটা জ্ঞানৰ তথা অভিজ্ঞতাৰ ভাণ্ডাৰ শেষ হৈ যায়। সেয়ে এওঁলােকৰ জীৱিতকালতে এই জ্ঞান তথা অভিজ্ঞতাৰ ভাণ্ডাৰৰ পৰা আমি কিমান আহৰণ কৰি ল’ব পাৰাে , তাৰ ওপৰতে আমাৰ সমাজৰ অগ্রগতিও নিৰ্ভৰ কৰে। বিভিন্ন উপলক্ষে আমি প্রবীণসকলক মঞ্চত উঠাই সম্বর্ধনা জনাওঁ। এইক্ষেত্ৰত কিন্তু প্রধান কথা হ’ল আনুষ্ঠানিক সম্বর্ধনা জনােৱাৰ লগে লগে তেওঁলােকক প্রকৃত সন্মান আৰু মর্যাদা দিয়াৰ দীর্ঘস্থায়ী। ব্যৱস্থাও কৰিব লাগিব। একমাত্র আৱেগৰ বশৱৰ্তী হৈ এদিনৰ কাৰ্যসূচীৰে সামৰণি মাৰিলে সমাজৰ তথা প্রবীণসকলৰাে একো উপকাৰ সাধন নহ’ব।

এইক্ষেত্ৰত একমাত্র বৃদ্ধাশ্রমৰ ধাৰণাৰেও প্রবীণসকলৰ সমস্যাৰ সমাধা কৰা সম্ভৱ নহ’ব। কাৰণ সামাজিক পূনর্বাসনৰ কাৰণেও এক মানৱীয় দৃষ্টিভংগীৰ প্রয়ােজন। এইক্ষেত্ৰত আমি। মনত ৰাখিব লাগিব যে বৃদ্ধসকলৰ খােৱা-পিন্ধা, বাসস্থান, ৰােগযন্ত্রণা ইত্যাদি সমস্যাতকৈও ডাঙৰ সমস্যা হ’ল একাকীত্ব। যি দেখা গৈছে, নিসংগতাত ভােগা বৃদ্ধসকলক সামান্য সংগদান আৰু মৰম লগা কথা-বতৰাৰে ব্যস্ত ৰাখিলেই এওঁলােকৰ হিয়া আনন্দত নধৰা হৈ পৰে। কিন্তু কুৰি শতিকাৰ বস্তুবাদী এই যান্ত্রিক ব্যস্ততাৰ যুগত এই কামকে কোনে কৰে? পুত্র-কন্যা, বােৱাৰী, নাতি-নাতিনী তথা সামগ্রিকভাৱে সমাজখনেই আজি এই বিষয়ত ইমানেই উদাসীন যে সময়ত কেইটামান খাদ্য বা বস্তু দিয়েই বৃদ্ধসকলৰ প্ৰতি থকা এওঁলােকৰ দায়িত্বৰ সামৰণি মাৰে। বহু সন্তানে আকৌ প্রবীণসকলক আৱৰ্জনা জ্ঞান কৰি বৃদ্ধাশ্রম আনকি ঘৰৰ পৰা বহু দুৰৰ নির্জন ৰাজপথতাে এৰি থৈ পলায়ন কৰে। সি যি কি নহওক, সমাজৰ প্রবীণসকলক আমি যথাযােগ্য সন্মান জনাই তেওঁলােকৰ একাকীত্ব দূৰ কৰিব নােৱাৰালৈকে আমি কেতিয়াও নিজকে সুসংস্কৃতিৱান বুলি দাবী কৰিব নােৱাৰাে। বহু সন্তানে আকৌ প্রবীণসকলক অকর্মণ্য, এলেহুৱা তথা অপদার্থ বুলি গালি-শপনি পাৰি অপমান কৰাও দেখা যায়। এয়া যে কিমান বেদনাদায়ক কথা, সেয়া বর্ণনা কৰাৰ কোনাে ভাষা নাই। প্রবীণসকলৰ শক্তি, সামর্থ্য তথা যৌৱন অতীত হৈ গ’ল বুলিয়েই যে তেওঁলােকক অপমান কৰিব লাগিব, সেয়া নিশ্চয় হ’ব নােৱাৰে। নবীনসকলে বুজিব লাগিব আজিৰ পৰ্যায়ত যি অতীত হৈ গ’ল তাক আৰু ঘূৰাই আনিব নােৱাৰি বা তাৰ বাবে কাকে দোষ দিব লাভ নাই। কিয়নাে ‘No man is wick. enough to buy back his past’ – Oscar Wilde. মনত ৰখা উচিত— এইক্ষেত্ৰত নবীনসকলাে একেই পথৰে পথিক।

By Dilip Bordoloi

Leave a Reply

Your email address will not be published. Required fields are marked *