Site icon MPB Mridu

ভূজঙ্গাসন- Bhujangasana-Cobra Pose – অসমীয়াত

ভূজঙ্গাসন (Bhujangasana) Cobra Pose

প্ৰক্ৰিয়া-Step By Step

  1.  প্ৰথমে তলমুৱা হৈ শুৱ লাগে। শৰীৰটো পোন কৰি ৰাখিব লাগিব।
  2.  এতিয়া দুয়োখন হাতৰ তলুৱা হাতৰ পতা আগলৈ কৰি বুকুৰ দুয়োকোষে মজিয়াত ৰাখি উশাহ ভিতৰলৈ টানিব।
  3.  ভৰি দুখনৰ পতা মজিয়াত পাৰি ৰাখিব।
  4. আঠুৰ পৰা কঁকাল, পিঠি, বুকু, ডিঙি এই অংশবোৰ যিমান পাৰি ওপৰৰ ফালে চাই ধেনুভিৰীয়াকৈ ভাজ কৰি আকাশলৈ চকু ৰাখি থাকিব লাগিব।
  5. এইদৰে ১০-১৫ ছেকেণ্ড থাকি নিশাহ এৰি দি শৰীৰটো লাহে লাহে তললৈ নমাই অানক।
  6. এইদৰে একে পদ্ধতিৰে অাসনটো ৩-৫ বাৰ পুনৰাবৃত্তি কৰিব।

উপকাৰিতা-Benefits

  1.  ৰাজহাড় নমনীয় আৰু সবল হয়।
  2.  ককাঁলৰ বিষ ভাল হয়।
  3. হাত ভৰি, বুকুৰ গঠন মজবুত কৰে।
  4. আঠু, ডিঙি আৰু কিলাকুটি বিষো নিৰাময় কৰে।
  5. পাকস্থলী, যকৃৎ আৰু প্লীহা সবল কৰি ৰাখে।
  6. থাইৰয়ড গ্ৰন্থি, পেৰাথাইৰয়ড, থাইমাছ আদি গ্ৰন্থি মজবুত কৰি ৰাখে।
  7. গৰ্ভাশয়ৰ ৰোগ ভাল হয়।
  8. এই আসন কৰি থাকিলে ব্ৰঙ্কাইটিছ ৰোগ নহয়।

সাৱধানতা-Cautions

১৪ বছৰৰ তলৰ কিশোৰ আৰু পুস্পিতা নোহোৱা কিশোৰীৰ বাবে এই আসন নিষিদ্ধ। অধিক মাত্ৰাত ককাঁল আৰু পিঠিৰ বিষ থাকিলে বা হৃদৰোগত আক্ৰান্ত হৈ থাকিলে এই আসন নকৰিব।

Exit mobile version