Site icon MPB Mridu

ভোজন বিলাস আৰু জাতিলাউৰ পায়স” Monalisha Gautom”

ভোজন বিলাস

অলপ দিন আগতে অনুৰাধা শৰ্মা পূজাৰীৰ ডায়েৰী খন পঢ়ি থাকোতে এটা প্ৰবন্ধ ভোজন আৰু জীৱনৰ স্বাদ পঢ়িছিলোঁ।।তাত তেখেতে লিখিছে খাদ্যৰ সৈতে আন্তৰিকতা, স্নেহ,মৰম ভালপোৱাৰ ইমান নিবিড় সম্পৰ্ক মানুহে মানুহৰ প্ৰতি আত্মীয়তা দেখুওৱাৰ সৰ্বোত্তম পদ্ধতিটোৱেই হৈছে উপযুক্ত সময়ত যচা   আহাৰ আৰু পানীয়। আমাৰ বিশেষকৈ গৃহিণীসকলৰ শুই উঠিয়েই পাকঘৰৰ চিন্তাটো সকলোতকৈ আগত থাকে। ঘৰৰ সৰুৰ পৰা ডাঙৰলৈ সকলোৰে স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে প্ৰথম আহে খাদ্যৰ কথা। খাদ্য সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যসন্মত হ’ব লাগিব। সেইবাবেই পাকঘৰটো একপ্ৰকাৰ গবেষণা কেন্দ্ৰই হৈ উঠে। মোৰ খাদ্য সম্বন্ধীয় প্ৰবন্ধবোৰ পঢ়ি বৰ ভাল লাগে। বিশেষকৈ ডঃ সুনীল কুমাৰ শইকীয়া, গৌতম প্ৰসাদ বৰুৱা, হোমেন বৰগোহাঞি আদিয়ে খোৱাৰ বৰ্ননা দি লিখা প্ৰবন্ধ বোৰ ইমানেই সুন্দৰ হয় বাৰে বাৰে পঢ়ি থাকিলেও হেঁপাহ নপলায়।

মোৰ খোৱা বনোৱাৰ চখটোৰ বাবে খাদ্যৰ প্ৰস্তুত কৰাৰ বৰ্ননা দি লিখা টোকা এটাও যদি পাওঁ টুকি ৰাখিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সংগ্ৰহ কৰা প্ৰস্তুত প্ৰনালী সমুহ একেৰাখি খাদ্য তৈয়াৰ কৰো। কেতিয়াবা গবেষণাগাৰতগৈ নতুন খাদ্যৰ সৃষ্টি হয়। আমাৰ কয় যে মানুহ খাবৰ বাবে জীয়াই থাকেনে জীয়াই থাকিবৰ বাবে খায়। মোৰ বাবে প্ৰথমটোৱেই প্ৰযোজ্য হ’ব চাগে কিয়নো শুই উঠাৰ পৰা আকৌ শুৱালৈকে মোৰ প্ৰথম চিন্তা খাদ্যৰ চিন্তা। শেষত ক’ৰবাত পঢ়া জৰ্জ বাৰ্নাৰ্ডশ্বৰ এষাৰ কথা- “খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম তাতকৈ আন কোনো প্ৰেমেই বেছি আন্তৰিক হ’ব নোৱাৰে” মনত পেলাই ইয়াতে সামৰিছোঁ।

জাতিলাউৰ পায়স

উপকৰণ

জাতিলাউ- ৫০০g

গাখীৰ- ১L

চেনী- 1/2 কাপ

4 – 5  কাজু

7 – 8 কিচমিছ

ইলাচী – 3 টা

ঘি – 2 tbsp

তেজপাত – 1টা

1.লাউটো কুমলীয়া হ’লে ভাল। যদি গুটি থাকে তেন্তে গুটি খিনি গুচাই লাউ টুকুৰা পিহি ল’ব।

2.এটা চচপেনত গাখীৰ খিনি গৰম কৰিব।

3.এখন পেনত ঘি 2 চামোচ গৰম কৰি তাত তেজপাত আৰু ইলাচী দি লাউখিনি  দিব।লাউৰ পানীখিনি শুকাই যোৱালৈকে কম জুইত ভাজিব। এতিয়া ভজালাউ খিনি গাখীৰত মিলাই লৰায় থাকিব। এতিয়া লাউ খিনি গাখীৰৰ লগত মিলি যোৱা লৈকে পগাওক।15মিনিট মানৰ পিছত চেনী আধাকাপ মিহলাই পুনৰ 5মিনিটৰ বাবে পগাওক।নমোৱাৰ আগত তেজপাত খিলা উঠাই কাজু কিচমিছ খিনি মিহলাওক।সুস্বাদু আৰু পুষ্টিকৰ জাতিলাউৰ পায়স গৰমে গৰমে বা ফ্ৰিজত থৈ পৰিবেশন কৰক।

Exit mobile version