Assamese SectionFeaturedLatest Postখাদ্য

ছয়াবিণ কাটলেট – By Monalisha Gautom

ছয়াবিণ কাটলেট

উপকৰণ

ছয়াবিণ- 1 cup

ডাঙৰ আলু- 2(সিজোৱা)

ওটচ- 1c

কনী- 2 টা

পিয়াজ-1ডাঙৰ

আদা আৰু নহৰু -1tsp

জলকীয়া-১/২টা

নিমখ- সোৱাদ অনুসৰি

হালধি- ১tsp

জিৰা গুৰি- half tsp

জালুক গুৰি-  half tsp

জলকীয়া গুৰি- half tsp

ধনীয়া গুৰি- half tsp

গৰম মছলা -half tsp

প্রস্তুত প্রণালী

ছয়াবিণ খিনি আধা ঘন্টাৰ বাবে গৰম পানীত তিয়াই ৰাখিব।ওটখিনি শুকানে ভাজি গুৰি কৰি ল’ব।আলু দুটা পিতিকি ল’ব।ছয়াবীণ খিনি পানীৰ পৰা টুকি ভালদৰে ধুই অৱশিষ্ট পানী খিনি চেপি ল’ব।কেৰাহী গৰম কৰি ১ডাঙৰ চামোচ তেল গৰম কৰি ল’ব।এতিয়া গৰম তেলত আদা নহৰু আৰু জলকীয়া খিনি দি অলপ ভাজি পিয়াজ খিনি ভাজিব।এতিয়া ছয়াবিন খিনি দি শুকান মছলা খিনি দি ভালদৰে মিহলি কৰিব।এতিয়া গেছটো বন্ধ কৰি ছয়াবিন খিনি পিছি‌ ল’ব।ছয়াবীণৰ মিক্সাৰ খিনি আলুৰ লগত মিহলাই দিব।জোখমতে নিমখ দি মিশ্ৰণ খিনি ভালদৰে মিহলি কৰিব।মিশ্ৰণ খিনিৰ পৰা ৮টা বল বনাই নিজৰ ইচ্ছা অনুসৰি আকাৰ দিয়ক।কনীদুটা ভালদৰে ফেটি ল’ব।এতিয়া কাটলেত খিনি প্ৰথমে কনীৰ মিশ্ৰণ খিনিত লেতিয়াই ওটচৰ গুৰি খিনিত লেতিয়াব।কম জুইত কাটলেত খিনি ভালদৰে ভাজক।টমেট চচ অথবা সেউজীয়া চাটনিৰ লগত পৰিবেশন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *