Assamese SectionFeaturedLatest Postখাদ্য

“চিলি চিকেন” (ৰেষ্টুৰেন্ট ষ্টাইলৰ – ঘৰতে বনাওক)-Chilli Chicken Recipe

“চিলি চিকেন” (ৰেষ্টুৰেন্ট ষ্টাইলৰ – ঘৰতে বনাওক)-Chilli Chicken Recipe

উপকৰণ

  1. চিকেন – আধা কিলাে
  2. কেপচিকাম – ২ টা (মােটা কৈ কাটি লব)
  3. পিয়াজ — ২ টা (মােটা কৈ কাটি লব)
  4. বিলাহী — ২ টা (মােটা কৈ কাটি লব)
  5. কেচাঁ জলকীয়া —- ২ টা কুটি লব
  6. আদা, নহৰু —- ২ চামুচ (কুটি /পিহি লব)
  7. ময়দা —- ২/৩ চামুচ
  8. কর্ণফ্লৰ পাউদাৰ —- ৩/৪ চামুচ
  9. জালুক গুৰি — ১ চামুচ
  10. চয়া চচ – ৪/৫ চামুচ (জোখ অনুপাতে)
  11. টমেট চচ —- ৩ চামুচ
  12. ভিনেগাৰ — ১ চামুচ
  13. জলকীয়া গুৰি —- ১ চামুচ
  14. নিমখ — জোখ অনুপাতে
  15. তেল —- জোখ অনুপাতে

প্ৰনালী

  1.  এটা বাউলত চিকেনৰ টুকুৰাবোৰ, নিমখ, জালুকগুৰি, ময়দা, কৰ্নফ্লৰ, চয়া চচ্, ভিনেগাৰ দি ভালদৰে সানি লব লাগিব। পাৰিলে ১ ঘণ্টা থৈ দিব লাগে, যিটো আমি মেৰিনেড কৰা বুলি কওঁ।
  2.  তাৰ পিচত চিকেনখিনি ফ্ৰাই কৰি লব লাগিব।
  3.  এতিয়া এখন নন ষ্টিক-কেৰাহিত সোৱাদ অনুযায়ি তেল দি, আদা, নহৰু দিব লাগিব আৰু কাটি থোৱা পিয়াজ, বিলাহী, কেপচিকাম, চয়া চচ, টমেট চচ, জলকীয়া গুৰি আৰু নিমখ দি ভালদৰে লৰাই দিব লাগিব।
  4. এটা বাতিত অলপ গৰম পানী লৈ তাত জুখ হিচাপ কৰ্নফ্লৰ মিক্স কৰি চবজিখিনিত মিলাই দি লৰাই দিব লাগিব।
  5. ইয়াৰ পাচত টুকুৰা চিকেনবোৰ দি ভালদৰে লৰাই দি সিজিছে নে নাই চাই লব লাগিব।
  6. এতিয়া হৈ যোৱা চিলি চিকেনবোৰ গৰমে গৰমে পৰিৱেশন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *