Site icon MPB Mridu

Assamese Language Added on Flipkart Platform

Assamese Language Added on Flipkart Platform – ফ্লিপকাৰ্টৰ প্লেটফৰ্মত অসমীয়া ভাষা সংযোগ কৰা হ’ল।

ফ্লিপকাৰ্টে (Flipkart) আজি ইয়াৰ প্লেটফৰ্মত (Platform) অসমীয়া ভাষাৰ   প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে। এই অসমীয়া ভাষাৰ সংযোজনে গোতেই অঞ্চলৰ লাখ লাখ গ্ৰাহকৰ (Customer )ই-কমাৰ্চ (E-Commerce) যাত্ৰা সৰল কৰিব আৰু স্থানীয় বিক্ৰেতা (Local Seller), এমএছএমই (MSME)  আৰু স্থানীয় থলুৱা ব্যেৱসায়ীসকলৰ বাবে সুযোগ সৃষ্টি কৰিব।
 
অসমীয়া ভাষা সংযোজনৰ সৈতে, ফ্লিপকাৰ্ট এপটো (Flipkart App) বৰ্তমান ভাৰতীয় নটা ভাষাত উপলব্ধ (হিন্দী, তামিল, তেলেগু, কানাড়া, মাৰাঠী, বঙালী, গুজৰাটী আৰু ওড়িয়া)।
 
ইয়াৰে ভাল খবৰটো যে ফ্লিপকাৰ্টৰ সৈতে অসমৰ উদ্যোগ বিভাগৰ বুজাবুজি চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী দেৱে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (ডিআইচিচি) জিএমসকলক অসমৰ ঠলুৱা শিপিনী(Local Seller), ভিন্ন ব্যেৱসায়ীসকলক ই-কমাৰ্চ প্লেটফৰ্মলৈ (E-Commerce Platform) অনাৰ বাবে আহ্বান জনায় যাতে এই থলুৱা ব্যেৱসায়ীসকলে তেওঁলোকে ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিব পাৰে।
 
তেওঁ লগতে উল্লেখ কৰে যে অসমৰ বিভিন্ন থলুৱা ব্যেৱসায়ীসকলে বিভিন্ন ধৰনৰ থলুৱা খাদ্য সামগ্ৰী সমূহ যাতে ৰাষ্ট্ৰীয় অাৰু অন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ এই প্লেটফৰ্মৰ দ্বাৰা বিক্ৰী কৰিব পাৰে।
Exit mobile version