Famous Failures to Success Stories That Will Inspire You – অসমীয়াত
আমি সকলোৱে জানো যে বিফলতা (Failure) প্ৰতিদিনে বিদ্যালয়, চাকৰি, বন্ধু বান্ধবীৰ মাজত, ঘৰৰ বাসতি আৰু পৰিয়ালৰ ভিতৰত হয়। এই Failure য়ে আমাক হতাশ, বিৰক্তিকৰ কৰে।
” Failure is simply the opportunity to begin again, this time more intelligently — Henry Ford.”
কিন্তু আমি সক্ষম হোৱাটো আমাৰ সকলোৰে আকাংক্ষা। সেই কাৰনে গোটেই জীৱনকালৰ প্ৰতিটো পৰ্যায়ত যেনে শিশু, যৌৱন, বা বৃদ্ধই হওঁক Success হোৱা আৰু অধিক Success হোৱাটো আমাৰ অন্তৰ্নিহিত Dream.
তলত ১০টা Success stories দি আপোনালোকক অনুপ্ৰানিত কৰিবলৈ চেষ্টা কৰা হৈছে যিয়ে প্ৰত্যেক যোজতে Failure হয়ওঁ জীৱনত হাৰ নামানি Success হ’বলৈ সক্ষম হৈছে।
1. J. K. Rowling :
“জে. কে. ৰাউলিং” হৈছে “হেৰী পটাৰৰ” বিখ্যাত লেখিকা যাক আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপ হিচাপে জনা যায়। তেখেতে তেওঁৰ বিফলতাৰ বিষয়ে হাৰ্ভাৰদত হোৱা এক ভাষন অনুষ্ঠানত স্পষ্টকৈ কৈছিল। তেখেতে তেওঁৰ বিফল বিবাহিক জীৱনৰ কথা আৰু নিবনুৱা হৈ অকলশৰীয়া আৰু কষ্টকৰ জীৱনৰ বৰ্ননা বাখ্যা কৰিছিল। জীৱন সংগী অবিহনে এনে কঠিন পৰিস্থিতি আৰু উপাৰ্জনৰ তাড়নাত লগতে জীয়াই থকাৰ ইচ্ছা শক্তিয়ে তেখেতক এক নতুন গতিশীল প্ৰদান কৰে। ইচ্ছা শক্তিয়ে তেখেতক লেখক হিচাপে নতুন জীৱন আৰম্ভ কৰিবলৈ প্ৰেৰনা জোগাইছিল আৰু শৃজনশীলতাই অৱশেষত সফলতাৰ শীৰ্ষলৈ লৈ গৈছিল।
2. Steve Jobs :
আমি সকলোৱে Steve Jobsক আটাইতকৈ ডাঙৰ Company “Apple”ৰ founder ব্যক্তি হিচাপে জানো। অৱশ্যে 4000ৰো অধিক Employee আৰু 2 Billion ডলাৰৰ এই Organisation তো দুজন ব্যক্তিৰ সৈতে এটা সৰু গেৰেজত আৰম্ভ কৰিছিল যিটো আপুুনি জানি আচৰিত হ’ব। আপুনি জানি আচৰিত হ’ব যে তেওঁক নিজৰ Companyৰ পৰাই বৰ্খাস্ত কৰা হৈছিল আৰু অৱশেষত তেওঁৰ সামৰ্থ্য উপলব্ধি কৰি আকৌ Companyত যোগ দান কৰোৱা হৈছিল।
3. Bill Gates :
আপুনি জানি আচৰিত হ’ব যে বিল গেটছ Harvard drop out আছিল। তেওঁ Traf-O-Dala নামৰ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ Co-founder আছিল, যিটো এটা Complete failure project আছিল।
অৱশ্যে দক্ষতা আৰু Computer programmingৰ প্ৰতি থকা আগ্ৰহ এই বিফলতাক “famous Software Company Microsoft “ৰ পথ প্ৰদৰ্শক লৈ পৰিনত কৰে আৰু তেতিয়া এই 31 years যুৱকজন বিশ্বৰ আটাইতকৈ কম বয়সীয়া কোটিপতিলৈ পৰিনত হয়।
“Its fine to celebrate success but it is more important to heed the lessons of failure.”
4. Albert Einstein :
“আইনষ্টাইন” শব্দটো শুনিলেই বুদ্ধিমত্তা আৰু Geniusৰ প্ৰতিভাৰ কথা মনলৈ আহে। তথাপিও এইটো সত্য আছিল যে ন বছৰ বয়সলৈকে এলবাৰ্ট আইনষ্টাইনে কথা কব নোৱাৰিছিল যাৰ বাবে তেওঁক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা হৈছিল। এলবাৰ্ট আইনষ্টাইন এজন প্ৰখ্যাত বিজ্ঞানী আৰু অসাধাৰন প্ৰতিভাশালী ব্যক্তিত্ব আছিল আৰু তেওঁৰ মহান আৱিস্কাৰ আৰু বিজ্ঞানৰ প্ৰতি অৱদানৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে পৰিচিত আছিল। তেওঁ কৈছিল যে Success হৈছে প্ৰগতিশীল বিফলতা আৰু যি কেতিয়াও বিফল হোৱা নাই তেওঁ সচাকৈয়ে এজন সফল ব্যক্তি হ’ব নোৱাৰে।শৈশৱকালত তেওঁ নিৰন্তৰ বিফলতাত ভুগিছিল আৰু তেওঁ বহু কষ্ট কৰি নিজেক সফলতাৰ পথলৈ লৈ গৈ বিজ্ঞানৰজগতত এজন ৰত্ন হিচাপে প্ৰমানিত কৰে আৰু অৱশেষত 1921 চনত পদাৰ্থ বিজ্ঞানত নবেল বঁটা লাভ কৰে।
5. Abraham Lincoln :
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হৈ থকা এই মহান ব্যক্তিত্বজনে বছৰ বছৰ ধৰি ব্যাপক বিফলতাৰ সন্মুখীন হৈছে। তেখেতে 1831 চনত ব্যাৱসায়ত বিফল হয় আৰু তাৰ পিচত 1836 চনত তেওঁৰ Nerveৰ Problem হয়। তথাপিতু হাৰ নামানি তেওঁ জীৱনৰ সংগ্ৰাম চলাই যায়। তেওঁ 1856 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিফল হৈছিল। কিন্তু অৱশেষত 1861 চনত তেওঁ President হিচাপে নিযুক্তি হয় আৰু জীৱন যুজত আগবাঢ়ি যায়।
6. Michael Jordan :
“I have missed more than 9000 shots in my career. I have lost almost 300 games. 26 times, I have been trusted to take the game winning shot and missed. I have failed over and over and over again in my life. And that is why I succeed.”
“নাইকিৰ” বিজ্ঞাপনত বাস্কেটবল কিংবদন্তী মাইকেল জৰ্ডনৰ এই কথাখিনিয়ে তেওঁৰ জীৱন সংগ্ৰামৰ কথা বৰ্ননা কৰিছে।তেওঁ এই দক্ষতা অৰ্জন কৰিছিল বহুত কষ্ট আৰু অনুশীলনৰ পাচত। বহু বছৰৰ প্ৰচেষ্ঠা, অনুশীলন আৰু বিফলতাই আজি আমি জনা তাৰকাগৰাকীক সফলতাৰ মুখ দেখুৱাইছিল।
7. Walt Disney :
আমি সকলোৱে জনা বিখ্যাত চৰিত্ৰ যেনে মিকি মাউচ, ডনাল্ড ডাক, আদিৰ সৃষ্টিকৰ্তা জনেই হৈছে বিশ্ব বিখ্যাত কাৰ্টুনিষ্ট Walt Disney. এই সফল ব্যক্তিজন তেওঁৰ জীৱনত কেইবাবাৰো বিফল হৈছিল। তেওঁ Armed forceত যোগদান কৰাৰ বিফল প্ৰচেষ্টাই অৱশেষত বিদ্যালয় এৰিবলৈ বাধা কৰে আৰু পৰৱৰ্ত্তী সময়ত পঢ়া শুনা এৰিবলৈ বাধ্য হয়।তেওঁ এটা “Laugh-O-gram” ষ্টুডিঅ খুলিছিল পাছলৈ যিটো Bank rupt হৈছিল। তাৰ পাচত তেওঁ এখন Newspaperত কাম কৰিছিল যত তেওঁক সৃষ্টিশীল নোহোৱাৰ বাবে বৰ্খাস্ত কৰা হৈছিল।
8. Vincent Van Gogh :
বিশ্ব ইতিহাসৰ পাতত তেওঁক এজন বিশ্ব বিখ্যাত চিত্ৰ শিল্পী হিচাপে জনা যায়। কিন্তু নিৰন্তৰ বিফলতা আৰু বহুত মানসিক ৰোগৰ লগতে broken marriage life ৰ কাৰনে তেওঁ 37 বছৰ বয়সত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল।গোতেই জীৱনকালত Vincentএ কেৱল এখন চিত্ৰ বিক্ৰী কৰিছিল যিয়ে তেওঁ কলা আৰু চিত্ৰ কলাৰ পৃথিৱীত বিপ্লৱীক পৰিবৰ্তন আনিছিল আৰু যিটো আজিলৈকে জীয়াই আছে।
9. Steven Spielberg :
ষ্টিভেন স্পিলবাৰ্গ শ্ৰেষ্ঠ চলচ্ছিত্ৰ নিৰ্মানৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে বহুতো অভিলেখ আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই মহান চলচ্ছিত্ৰ নিৰ্মাতাজনেওঁ তেওঁৰ জীৱনত কেইবাটাও বিফলতাৰ সন্মুখীত হৈছে। তেওঁক Southern California Universityৰ পৰা তিনিবাৰ কৈ নিলম্বিত কৰা হৈছিল কাৰন তেওঁ বিচৰা Grade লাভ কৰিব পৰা নাছিল।তেওঁৰ অশেষ চেষ্টাৰ ফলত অৱশেষত তিনিখন অস্কাৰ বঁটা লাভ কৰিছিল আৰু মুঠ 91 খন মহান চলচ্ছিত্ৰ নিৰ্মান কৰিছিল।
10. Stephen King :
তেওঁ এজন সমগ্ৰ বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ লেখক হিচাপে বিখ্যাত। অৱশ্যে তেওঁ তেওঁৰ জীৱনকালত কেইবাটাও দুৰ্ভাগ্য আৰু বিফলতাৰ সন্মুখীন হৈছিল। তেওঁৰ শৈশৱ দৰিদ্ৰতাৰ অন্ধকাৰত অতিবাহিত কৰিছিল আৰু তেওঁ ড্ৰাগছ আৰু শুৰাৰ কৱলত পৰি বেয়া দিন কতাব লগিয়া হৈছিল। কিন্তু অৱশেষত তেওঁ এই সকলো Bad habits ত্যাগ কৰি লেখাৰ পিনে মনোনিবেশ কৰে আৰু শেষত শিখৰত থাকিবলৈ সক্ষম হয়। তেওঁয়ে নতুন Copy writing প্ৰনালীৰ লগতে কেইবাটাওঁ নতুন technique উদ্ভাৱন কৰি Writing skillsক পেছাদাৰী কৰি তুলিলে।