Site icon MPB Mridu

One Small Step can change your life – Kaizen পদ্ধতি কি ?

Book Summary

One small step can change your life : The Kaizen way by Robert Maurer.

“এটা সৰু পদক্ষেপে আপোনাৰ জীৱন সলনি কৰিব পাৰে ৰবাৰ্ট ম’ৰেৰৰ কাইজেন পথে।আমি সদায় এটা ডাঙৰ কাম বা লক্ষ্য নিৰ্ধাৰন কৰোতে আমি আমাৰ নিজৰে internal প্ৰতিৰোধৰ সন্মূখীন হওঁ আৰু অৱশেষত ডাঙৰ কাম কৰাৰ পৰা বিৰত থাকো বা বিফল বা ত্যাগ কৰো।সেইকাৰনে কাইজেন (Kaizen) পদ্ধতি ব্যৱহাৰ কৰি ডাঙৰ কামবোৰ সৰু সৰু কাম হিচাপে ভাগ কৰি কামবোৰ সম্পাদন কৰিব লাগে।

এটা ডাঙৰ লক্ষ্য বা কাম প্ৰাপ্ত কৰিবলৈ অতি সৰু পদক্ষেপ ব্যৱহাৰ কৰা (using very small steps to achieve a larger goal.) Kaizenৰ ধাৰনাটো যথেষ্ট সৰল আৰু সাধাৰন কিন্তু তথাপিওঁ তেওঁৰ ideaয়ে আমাৰ জীৱন সলনি কৰিবলৈ যথেষ্ট ডাঙৰ। কাইজেন পদ্ধতি হৈছে আমি কৰিব পৰা আটাইতকৈ সৰু সৰু কাম বা পদক্ষেপ যিয়ে অৱশেষত আমাৰ বিভিন্ন লক্ষতে উপনীত হ’বলৈ সহায় কৰে।

The journey to a thousand miles must begin with a first step. — Lao Tzu.

Myths about change. (পৰিৱৰ্তন সম্পৰ্কে Myths)

১. পৰিৱৰ্তন কঠিন।

২. পদক্ষেপটোৰ (goals) আকাৰে ফলাফলৰ আকাৰ নিৰ্ধাৰন কৰে, সেয়েহে ডাঙৰ ফলাফলৰ বাবে ডাঙৰ পদক্ষেপ লওঁক।

৩. কাইজেন পদ্ধতি slow, উদ্ভাৱন দ্ৰুত।

১. ভয় আতৰাবলৈ আৰু সৃষ্টি-শীলতাক অনুপ্ৰানিত কৰিবলৈ সৰু প্ৰশ্ন সোধক।

২. নতুন অভ্যাস বিকশিত কৰিবলৈ সৰু সৰু চিন্তা কৰক।

৩. ডাঙৰ লক্ষ্যত উপনীত হ’বলৈ আপুনি হাতত সৰু সৰু পদক্ষেপ লয় আৰু এই সৰু সৰু পদক্ষেপবোৰ অব্যাহত ৰাখিবলৈ সক্ষম হয় আৰু বিফল হ’ব পোৱাৰে কাৰন আপুনি সৰু সৰু কামত ভগাই লৈছে।

৪. আপুনি জাতে সংকটৰ মাজতো সৰু সৰু সমস্যাবোৰ সমাধান কৰে।

৫. এই কামবোৰৰ মাজতে আপুনি নিজকে আৰু আনক সৰু সৰু পুৰস্কাৰ দিয়ে যাতে।

৬. সদায় সৰু কিন্তু জীৱন সলনি কৰিব পৰা মুহুৰ্তবোৰ চিনাক্ত কৰক। সেইবোৰ সৰু বা দেখাত সাধাৰন যেন লাগিলেও গুৰুত্বপূৰ্ন হ’ব পাৰে আৰু এইবোৰ হয়তো সকলোৱে উপেক্ষা কৰে।

১. আপুনি সদায় ইয়াক সৰু কাম বা পদক্ষেপ লওঁক যাতে ইয়াক আৰম্ভ বা প্ৰাপ্ত কৰাত বিফল হব নোৱাৰে। উদাহৰন স্বৰূপে যদি আপোনাৰ ওজন হ্ৰাস কৰাৰ ইচ্ছা বা লক্ষ্য আছে কিন্তু প্ৰতিদিনে এক ঘণ্টাৰ ব্যায়াম বা Exercise চিন্তাত আপোনাৰ মনে বাধা দিয়ে বা কিবা excuse দি ব্যায়মৰ পৰা বিৰত থাকে, তেন্তে Kaizenয়ে আপোনাক উপায় দিছে যে, কিয় আপুনি প্ৰথমে ১ মিনিটৰ পৰা start নকৰে যিটো আপুনি TVৰ সন্মুখতো কৰিব পাৰে বা ইচ্ছা মতে যি কোনো placeত কৰিব পাৰে, তাৰ পিচত দেখিব যে এই সৰু পদক্ষেপবোৰে আপোনাক সফলতাৰ ওচৰলৈ কেনেকৈ লৈ যাব।

২. আপুনি যদি সদায় ডাঙৰ কাম বা আমূল পৰিবৰ্তন অনাৰ চেষ্টা কৰে তেতিয়া হলে প্ৰায়ে বিফল হয়, কিয়নো ই ভয়ৰ সৃষ্টি কৰে আমাৰ মনত যিটো আমি ধৰিব নোৱাৰো।

৩. কিন্তু সৰু সৰু কামে বা সৰু পৰিৱৰ্তন মানুহৰ মনক সফলতা দিয়ে আৰু লগতে নতুন সৃষ্টিশীল মনৰ বিকাশ ঘটায় আৰু এই ভয় ভাৱটো নাইকিয়া কৰি দিয়ে। যি ভয়ে আমাৰ successত বাধা প্ৰদান কৰে।

৪. আমি বহু দিন বহু মাহ বহু বছৰ অতিবাহিত কৰি দিওঁ একমাত্ৰ এই ভয় ভাৱটো জানিবলৈ আৰু কি কাৰনে আমি আমাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু আমি যদি সৰু সৰু পদক্ষেপবোৰ লোৱাৰ বাবে কাইজেন পদ্ধতি ব্যৱহাৰ কৰো তেন্তে আমি সহজে সফলতা হ’বলৈ সক্ষম হয়।

৫. কাইজেন পদ্ধতিয়ে আমাৰ মগজুৰ Inbuilt প্ৰতিৰোধ ক্ষমতাক বাধা দিয়ে যিয়ে আমাক নতুন Behaviour শিকিবলৈ বাধা প্ৰদান কৰে।

Kaizen Strategy 1 – Ask small questions. (সৰু প্ৰশ্ন সোধক) 

“What shapes our lives are the questions we ask.” — Sam Keen

১. আপোনাৰ মগজুৱে সদায় সৰু প্ৰশ্ন ভাল পায় আৰু এই প্ৰশ্নবোৰ অগ্ৰাহ্য নকৰে। যদি প্ৰশ্নটো অত্যাধিক ডাঙৰ হয় — তেতিয়া আমাৰ মনে ভয় সৃষ্টি কৰিব আৰু মনৰ সৃষ্টিশীল, আমোদজনক চিন্তাবোৰ এই ভয়য়ে নাইকিয়া কৰি দিয়ে।

Example 1

নিজকে অধিক পানী খাবলৈ মনত পেলাই দিয়াৰ এটা উপায় কি ? — যেতিয়াই মই পাকঘৰলৈ যাম, এগিলাচ পানী খাম বা গাড়ীত পানীৰ বটল এটা ৰাখিম আনকি ই খালী থাকিলেও, মোক অধিক সঘনাই পোৱা পানীৰ বিষয়ে চিন্তা কৰিবলৈ মনত পেলাই দিব।

Example 2

মই মোৰ দৈনন্দিন ৰুটিনত ব্যয়াম কেনেকৈ অন্তৰ্ভূক্ত কৰিব পাৰো ? — মই সাৰ পোৱাৰ পিচত আৰু শুবলৈ হোৱাৰ আগত 5 টা Press ups কৰিব পাৰো।

২. আপুনি যদি আপোনাৰ মগজুক বাৰে বাৰে সৰু সৰু প্ৰশ্ন কৰি থাকে তেতিয়া হ’লে আপোনাৰ মগজুৰ (বিশেষকৈ হিপ্পোকেম্পাছ যিয়ে তথ্য সংৰক্ষন কৰে) সমস্যা সমাধান কৰাৰ বাহিৰে অন্য কোনো উপায় নাথাকিব। আৰু অৱশেষত আপোনাৰ Brainয়ে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়া আৰম্ভ কৰিব আৰু আপোনাৰ সফলতাৰ বাট মুকলি কৰি দিব।কিন্তু আমাৰ মগজুতু Programming কৰিবৰ বাবে সময় লাগে, সেয়েহে নিজকে দৈনিক একোটাকৈ সৰু প্ৰশ্ন সোধক।

৩. যদি আপুনি এটা লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰি আছে, তেতিয়া হ’লে, আপুনি নিজকে সুধক যে কি এটা সৰু পদক্ষেপ ললে মই মোৰ লক্ষ্যত উপনীত হ’ম।

৪. যদি আপোনাৰ আন এজন ব্যাক্তিৰ সৈতে বিবাদ হয় তেতিয়া হ’লে, আপুনি এই ব্যক্তিজনৰ বিষয়ে চিন্তা কৰিব যে তেওঁৰ মই কি এটা বস্তু ভাল পাওঁ।

Kaizen Strategy 2 – Think Small thoughts. (সৰু সৰু চিন্তা কৰক।)

কল্পনা কৰক : অধ্যয়নৰ পৰা প্ৰমান কৰিছে যে যি সকলে কেৱল পিয়ানো Practice কৰাৰ কল্পনা কৰিছিল আৰু মগজুত ইয়াৰ প্ৰভাৱ পেলাইছিল তেখেতসকলে পিয়ানুত সচাকৈ অনুশীল কৰা লোকসকলৰ দৰে একে প্ৰদৰ্শন দেখুৱাইছিল।

Kaizen Strategy 3 – Take small Actions. (সৰু সৰু পদক্ষেপ লওক।)

আপুনি যিমানেই সৰু প্ৰশ্ন আৰু সৰু চিন্তা নকৰক কিয় অৱশেষত আপুনি (action) পদক্ষেপ ল’ব লাগিব। আৰু আপুনি যেতিয়া সৰু পদক্ষেপ লব আৰু সফল হ’ব তেতিয়া আপুনি আৰু অনুপ্ৰানিত হ’ব, যিয়ে আপোনাক আগুৱাই লৈ যাব।

Example 1

অত্যাধিক খৰচ বন্ধ কৰিবলৈ আপোনাৰ Marketing budgetৰ পৰা বা বজাৰৰ Trolleyৰ পৰা প্ৰথমে মাত্ৰ এটা বস্তু আঁতৰাওক দেখিব লাহে লাহে আপোনাৰ Budget control হৈ যাব।

Example 2

বিদেশী ভাষা শিকিবলৈ হ’লে প্ৰথমে সপ্তাহত বা দিনত মাত্ৰ এটা নতুন শব্দ শিকিবলৈ আৰম্ভ কৰক আৰু পাছলৈ দেখিব যে সৰু সৰু কৰ্মই আপোনাক বৃহৎ সাফল্যৰ পথ দেখুৱাব।

Kaizen Strategy 4 – Solve small problems. (সৰু সৰু সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক।)

প্ৰথমে সমস্যাবোৰ প্ৰায়ে সৰু সৰু কৈ আৰম্ভ হয় আৰু পিচলৈ জমা হৈ বাঢ়ি যায়। সেইকাৰনে এই সৰু সমস্যাবোৰ চিনাক্ত কৰি তাক সমাধান কৰিবলৈ নিজকে প্ৰস্তুত কৰিব লাগে যাতে ভৱিষ্যতে অধিক বেদনাদায়ক সমস্যাৰ পৰা সকাহ আৰু মোকাবিলা কৰিব পাৰি।সদায় ডাঙৰ সমস্যাবোৰ হোৱাৰ আগতে সৰু সৰু সমস্যাবোৰ বাচি উলিয়াবলৈ চেষ্টা কৰিব লাগে আৰু সমাধানৰ দিশে আগবাঢ়ি গলে ডাঙৰ দুৰ্যোগ হোৱাৰ আগতে আমি বাছি যাম।

Kaizen Strategy 5 – Grant small Rewards. (নিজকে বা আনক সৰু সৰু পুৰস্কাৰ প্ৰদান কৰক।)

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ আৰু জটিল ধাৰনাবোৰ ভাবি ডাঙৰ পুৰস্কাৰ বা ডাঙৰ ideas দিয়াটো কঠিন হৈ পৰে। কিন্তু সৰু পুৰস্কাৰবোৰ যেনে এটা Fountain pen উপহাৰ দিয়া। বিভিন্ন ধৰনৰ ব্যক্তিক বা কৰ্মচাৰীক বহুত ধৰনৰ সৰু সৰু পৰামৰ্শ দিয়াৰ বাবে উৎসাহিত কৰিব পাৰে যাৰ ফলত সামুহিকভাৱে ভাল ফলাফল দিব পাৰে।

Example

যেনে Toyotaত বছৰত 1.5 নিযুক্ত পৰামৰ্শৰ ভিতৰত 95% কাৰ্য্যকৰী কৰা হৈছিল।

Kaizen Strategy 6 – Recognize small moments. (সৰু মুহুৰ্ত্তবোৰ চিনাক্ত কৰক।)

Example 1

এজন flight attendantয়ে লক্ষ্য কৰিছিল যে যাত্ৰীসকলে তেওঁলোকৰ Saladত থকা জলফাই খোৱা নাছিল আৰু এই জলফাই পাচলৈ Saladত দিয়া নাছিল যাৰ ফলত বছৰি 0.5 নিযুক্ত ডলাৰ ৰাহি হৈছিল।

Example 2

যদি আপুনি আপোনাৰ Serviceত সুখি হোৱা নাই বা Bore হৈছে আৰু আপুনি বেলেগ কেৰিয়াৰৰ কথাওঁ ভাবিব নোৱাৰে, তেতিয়া হলে, আপুনি প্ৰতিদিনে এনেকুৱা এটা মুহুৰ্ত চিনাক্ত কৰক যিটো মুহুৰ্তৱে আপোনাক আপোনাৰ কামত আনন্দ বা উপভোগ কৰিবলৈ প্ৰেৰনা দিয়ে। ইয়াৰ লগে লগে আপোনি মনত এটা Patternৰ কথা ভাৱক যিয়ে আপোনাৰ কৰ্মত সদায় আনন্দ বা প্ৰেৰনা দিয়ে আৰু এটা নতুন Careerৰ কথা ভাবিব পাৰে উদাহৰন স্বৰূপে যদি আপুনি কোনো ব্যক্তিৰ লগত কথা বতৰা পাতি ভাল পায় আৰু তেওঁলোকৰ সমস্যাবোৰত আপুনি সহায় কৰিব পাৰে তেতিয়াহলে আপুনি এজন Career Counsellor হিচাপে নিজকে চিন্তা কৰিব পাৰে।

Exit mobile version