Assamese SectionFeaturedLatest Postস্বাস্থ্য ,যোগ আৰু আয়ুৰ্বেদিক

Study of Yoga in Present Age : সাম্প্ৰতিক সময়ত যোগ বিদ্যা অধ্যয়নৰ প্ৰাসংগিকতা

যোগবিদ্যা কেৱল আধ্যাত্মিকতাই নহয়, সুস্থ জীৱনবোধৰো পৰিচায়ক। সামাজিক তথা শাৰীৰিক ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ হলে , প্ৰতি নাগৰিকৰে কৰ্তব্য যে যোগভাসে তেওঁলোকৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু নৈতিকতাৰ লগতে এজন সুস্থ সবল উচ্চ ভাৱাপন্ন ব্যক্তিৰূপে গঢ় লৈ উঠিব ।

যোগ পৰম্পৰা প্ৰাচীন কালৰে পৰা ভাৰতীয় আধ্যাত্মিক সাধনাৰ এট অন্যতম বিশিষ্ট পদ্ধতি হিচাপে পৰিগণিত হৈ আহিছে। যোগশাস্ত্ৰত মানসিক, শাৰীৰিক তথা আধ্যাত্মিক উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

যোগ বিদ্যাই  আবহমান কালৰে পৰা মানুহৰ জীৱনৰ সৰ্বাঙ্গীন উন্নতি বা উৎকৰ্ষতা সাধনৰ ওপৰত আলোকপাত কৰি আহিছে আৰু ইয়েই যোগশাস্ত্ৰ বা যোগবিদ্যাক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে।

Ø বৰ্তমান সময়ত স্খলিত নৈতিকতা, পতিত মানৱতা, ৰুদ্ধ মানসিকতা আৰু আনাবশ্যক যান্ত্ৰীকতাই সমাজখনক বিপৰ্যয়ৰ কৰাল গ্ৰাসলৈ ঠেলি দিছে। এই বিপৰ্যয়ৰ মাজত আশাৰ ৰেঙনি স্ৱৰূপ হৈ পৰিছে যোগবিদ্যা। এতিয়া এইটো কথা নিশ্চিত ভাৱে প্ৰমাণিত হৈছে যে যোগৰ দ্বা ৰা এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক শক্তিৰ প্ৰভূত উন্নতি সাধন কৰে।

Ø এজন প্ৰকৃত যোগী এক সুপ্ৰণালীবদ্ধ, সুশৃংখল , স্ৱাভিমান আৰু সমাজ সচেতন ব্যক্তিলৈ পৰিৱৰ্তিত হয়।অকল সেয়ে নহয়, এনে এজন ব্যক্তিয়ে গোটেই সমাজখনক এক পৰিৱৰ্তিত পথলৈ যাবলৈ উদ্বুদ্ধ কৰিব পাৰে।

Ø যোগশাস্ত্ৰ আজিৰ সমাজত ব্যৱহৃত হৈছে বিভিন্ন ক্ষেত্ৰত। এই ক্ষেত্ৰসমুহ হৈছে বিশিষ্ট দৰ্শণ হিচাপে , আধ্যাত্মিকতা লাভৰ উপায় হিচাপে, চিকিৎসা বিদ্যা হিচাপে, ক্ৰীড়া বিদ্যা হিচাপে, মানসিক প্ৰশান্তিৰ উৎস হিচাপে তথা শাৰীৰিক সংবৰ্ধনৰ বা সংপুষ্টিৰ আহিলা হিচাপে।

Ø যোগ বিদ্যা বা শাস্ত্ৰৰ ফলত শাৰীৰিক স্ৱাস্হ্য যেনে “এনাটমিকেল”, ফিজিঅ’লজিকেল অৱস্থা যেনে cardio vascular system, Diabetes system, Androcrine system আদি স্ৱাভাৱিক হয়।

Ø যোগৰ দ্বাৰা মানসিক স্ৱাস্হ্যৰ উন্নতি সাধন কৰিব পাৰি। কাৰণ মনে ব্যক্তিৰ শৰীৰ তাত্ত্বিক প্ৰগতি প্ৰভাৱ বিস্তাৰ কৰে। সুমানসিক স্বাস্থ্যই কেৱল মনস্তাত্বিক ৰোগমুক্ত ব্যক্তি নিৰ্মাণ নকৰে ; লগতে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু আৱেগিক ভঙ্গীৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰে, যাতে বন্ধু বান্ধৱ সকলৰ লগত সমিল মিলেৰে থাকিব পাৰে।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে যোগ শাস্ত্ৰত কেন্দ্ৰিভূত হৈ থকা এই সকলোবোৰ বিষয়েই পৃথক পৃথক ভাৱে সুকীয়া বৈশিষ্ট্য লাভ কৰিছে আৰু অধ্যয়নৰ ক্ষেত্ৰত এই বিষয়বোৰৰ পৰিসৰ বৃদ্ধি পাইছে।

সেইকাৰণে বৰ্তমান সময়ৰ যান্ত্ৰীকতাৰ পাশত আৱদ্ধ এই সমাজত শাৰীৰিক আৰু মানসিক ভাবে বিধস্ত লোকসকলৰ মাজত যোগে সুদূৰ প্ৰসাৰী প্ৰভাৱ কৰিছে।

“কিয়নো কেৱল যোগশাস্ত্ৰই হে প্ৰদান কৰিছে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মহৌষধ” গতিকে বহল অৰ্থত যোগৰ মূল মন্ত্ৰ হ’ল ৰোগ, শোক, দুদৰ্শ ৰহিত এক আনন্দময় মানৱ জগত প্ৰতিস্থা কৰা। যোগৰ সহায়ত মানৱীয় অনুভৱৰ সাধাৰণ সীমাই ঢুকি নোপোৱা চৈতন্যৰ উচ্চতম স্তৰক উপলব্ধি কৰিব পাৰি।

যোগদৰ্শনত প্ৰধানকৈ চাৰিখন মৌলিক গ্ৰন্থ উল্লেখ কৰিব পাৰি –

১) যোগ বিশিষ্ট

২) যোগতত্ত্ব উপনিষদ

৩) যোগ শিৱ উপনিষদ

৪) যোগ সূত্ৰ ।

সেইকাৰণে আমি কব পাৰোঁ যে “যোগবিদ্যা হৈছে সুস্ৱাস্হ্য সুন্দৰ জীৱনৰ চাবি-কাঠি।

যোগ কিছু মনোবৈঞ্জানিক সত্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠাই এক জীৱন দৰ্শন আৰু ইয়াৰ লক্ষ্য দেহ আৰু মনৰ মাজত এক সু-সমন্বয় স্থাপন কৰা। যোগশাস্ত্ৰৰ প্ৰণেতা মহামুনি পতঞ্জলিয়ে যোগৰ আঠটা  অঙ্গ মানৱ কল্যাণাৰ্থে বৰদান হিচাপে আগবঢ়াইছে। সেইবোৰ হ’ল – “য়ম , নিয়ম, আসন, প্ৰাণায়ম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি । “

Ø বৰ্তমান সমাজ ব্যৱস্থা আৰু আধুনিক জীৱন যাত্ৰাত শিক্ষা হৈছে সমাজ  আৰু ব্যক্তিত্ব্য বিকাশৰ মূলতন্ত্ৰ ।এই মূলতন্ত্ৰৰ আধাৰ হৈছে ছাত্র-ছাত্ৰী, শিক্ষক,-শিক্ষয়ত্ৰী, অভিভাৱক, পঢ়াশালি আৰু সামাজিক পৰিবেশ। ছাত্র-ছাত্ৰীৰ উন্নতি সাধাৰণতে ৰোগ ব্যাধি, জড়তা, আলস্য, আমোদ, প্ৰমোদ আৰু নিদ্ৰাই বাধা প্ৰদান কৰে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। সেইকাৰণে এই সকলো ব্যাধি আৰু ৰোগৰ পৰা ৰেহাই পাবলৈ হলে বৰ্তমান যোগভ্যাসৰ প্ৰয়োজনীয়তা আৱশ্যক হৈ পৰিছে।

শেষত কব পাৰি যে বৰ্তমান পৰিস্হিত শৰীৰ, মন আৰু মগজুক সুস্থ ৰাখিবলৈ অতীজৰে পৰা যোগভ্যাস উৎকৃষ্ট আহিলা হিচাপে গন্য কৰা হৈছে। বিভিন্ন ধৰণৰ ৰোগৰ পৰা বিৰত ৰখাৰ ওপৰিও হৃদযন্ত্ৰ সুস্থ ৰখাত যোগভ্যাসৰ অৱদান অন্যতম।

নতুন নতুন গৱেষণাত ওলাই পৰিছে যে ব্যয়ামেৰে যোগশাস্ত্ৰ বা যোগভ্যাসে মস্তিষ্কলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে। তেনে বৰ্ধিত প্ৰবাহে মস্তিষ্কত নতুন নতুন কোষৰ জন্ম দিয়ে আৰু পুৰণি কোষবোৰকো স্বাস্থ্যৱান কৰি ৰাখে।

যোগবিদ্যা কেৱল আধ্যাত্মিকতাই নহয়, সুস্থ জীৱনবোধৰো পৰিচায়ক। সামাজিক তথা শাৰীৰিক ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ হলে , প্ৰতি নাগৰিকৰে কৰ্তব্য যে যোগভাসে তেওঁলোকৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু নৈতিকতাৰ লগতে এজন সুস্থ সবল উচ্চ ভাৱাপন্ন ব্যক্তিৰূপে গঢ় লৈ উঠিব । যোগ পৰম্পৰা প্ৰাচীন কালৰে পৰা ভাৰতীয় আধ্যাত্মিক সাধনাৰ এট অন্যতম বিশিষ্ট পদ্ধতি হিচাপে পৰিগণিত হৈ আহিছে। যোগশাস্ত্ৰত মানসিক, শাৰীৰিক তথা আধ্যাত্মিক উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। যোগ বিদ্যাই  আবহমান কালৰে পৰা মানুহৰ জীৱনৰ সৰ্বাঙ্গীন উন্নতি বা উৎকৰ্ষতা সাধনৰ ওপৰত আলোকপাত কৰি আহিছে আৰু ইয়েই যোগশাস্ত্ৰ বা যোগবিদ্যাক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে। Ø বৰ্তমান সময়ত স্খলিত নৈতিকতা, পতিত মানৱতা, ৰুদ্ধ মানসিকতা আৰু আনাবশ্যক যান্ত্ৰীকতাই সমাজখনক বিপৰ্যয়ৰ কৰাল গ্ৰাসলৈ ঠেলি দিছে। এই বিপৰ্যয়ৰ মাজত আশাৰ ৰেঙনি স্ৱৰূপ হৈ পৰিছে যোগবিদ্যা। এতিয়া এইটো কথা নিশ্চিত ভাৱে প্ৰমাণিত হৈছে যে যোগৰ দ্বা ৰা এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক শক্তিৰ প্ৰভূত উন্নতি সাধন কৰে। Ø এজন প্ৰকৃত যোগী এক সুপ্ৰণালীবদ্ধ, সুশৃংখল , স্ৱাভিমান আৰু সমাজ সচেতন ব্যক্তিলৈ পৰিৱৰ্তিত হয়।অকল সেয়ে নহয়, এনে এজন ব্যক্তিয়ে গোটেই সমাজখনক এক পৰিৱৰ্তিত পথলৈ যাবলৈ উদ্বুদ্ধ কৰিব পাৰে। Ø যোগশাস্ত্ৰ আজিৰ সমাজত ব্যৱহৃত হৈছে বিভিন্ন ক্ষেত্ৰত। এই ক্ষেত্ৰসমুহ হৈছে বিশিষ্ট দৰ্শণ হিচাপে , আধ্যাত্মিকতা লাভৰ উপায় হিচাপে, চিকিৎসা বিদ্যা হিচাপে, ক্ৰীড়া বিদ্যা হিচাপে, মানসিক প্ৰশান্তিৰ উৎস হিচাপে তথা শাৰীৰিক সংবৰ্ধনৰ বা সংপুষ্টিৰ আহিলা হিচাপে। Ø যোগ বিদ্যা বা শাস্ত্ৰৰ ফলত শাৰীৰিক স্ৱাস্হ্য যেনে “এনাটমিকেল”, ফিজিঅ’লজিকেল অৱস্থা যেনে cardio vascular system, Diabetes system, Androcrine system আদি স্ৱাভাৱিক হয়। Ø যোগৰ দ্বাৰা মানসিক স্ৱাস্হ্যৰ উন্নতি সাধন কৰিব পাৰি। কাৰণ মনে ব্যক্তিৰ শৰীৰ তাত্ত্বিক প্ৰগতি প্ৰভাৱ বিস্তাৰ কৰে। সুমানসিক স্বাস্থ্যই কেৱল মনস্তাত্বিক ৰোগমুক্ত ব্যক্তি নিৰ্মাণ নকৰে ; লগতে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু আৱেগিক ভঙ্গীৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰে, যাতে বন্ধু বান্ধৱ সকলৰ লগত সমিল মিলেৰে থাকিব পাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে যোগ শাস্ত্ৰত কেন্দ্ৰিভূত হৈ থকা এই সকলোবোৰ বিষয়েই পৃথক পৃথক ভাৱে সুকীয়া বৈশিষ্ট্য লাভ কৰিছে আৰু অধ্যয়নৰ ক্ষেত্ৰত এই বিষয়বোৰৰ পৰিসৰ বৃদ্ধি পাইছে। সেইকাৰণে বৰ্তমান সময়ৰ যান্ত্ৰীকতাৰ পাশত আৱদ্ধ এই সমাজত শাৰীৰিক আৰু মানসিক ভাবে বিধস্ত লোকসকলৰ মাজত যোগে সুদূৰ প্ৰসাৰী প্ৰভাৱ কৰিছে। “কিয়নো কেৱল যোগশাস্ত্ৰই হে প্ৰদান কৰিছে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মহৌষধ” গতিকে বহল অৰ্থত যোগৰ মূল মন্ত্ৰ হ’ল ৰোগ, শোক, দুদৰ্শ ৰহিত এক আনন্দময় মানৱ জগত প্ৰতিস্থা কৰা। যোগৰ সহায়ত মানৱীয় অনুভৱৰ সাধাৰণ সীমাই ঢুকি নোপোৱা চৈতন্যৰ উচ্চতম স্তৰক উপলব্ধি কৰিব পাৰি। যোগদৰ্শনত প্ৰধানকৈ চাৰিখন মৌলিক গ্ৰন্থ উল্লেখ কৰিব পাৰি –

১) যোগ বিশিষ্ট

২) যোগতত্ত্ব উপনিষদ

৩) যোগ শিৱ উপনিষদ

৪) যোগ সূত্ৰ ।

সেইকাৰণে আমি কব পাৰোঁ যে “যোগবিদ্যা হৈছে সুস্ৱাস্হ্য সুন্দৰ জীৱনৰ চাবি-কাঠি। যোগ কিছু মনোবৈঞ্জানিক সত্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠাই এক জীৱন দৰ্শন আৰু ইয়াৰ লক্ষ্য দেহ আৰু মনৰ মাজত এক সু-সমন্বয় স্থাপন কৰা। যোগশাস্ত্ৰৰ প্ৰণেতা মহামুনি পতঞ্জলিয়ে যোগৰ আঠটা  অঙ্গ মানৱ কল্যাণাৰ্থে বৰদান হিচাপে আগবঢ়াইছে। সেইবোৰ হ’ল – “য়ম , নিয়ম, আসন, প্ৰাণায়ম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি । “ Ø বৰ্তমান সমাজ ব্যৱস্থা আৰু আধুনিক জীৱন যাত্ৰাত শিক্ষা হৈছে সমাজ  আৰু ব্যক্তিত্ব্য বিকাশৰ মূলতন্ত্ৰ ।এই মূলতন্ত্ৰৰ আধাৰ হৈছে ছাত্র-ছাত্ৰী, শিক্ষক,-শিক্ষয়ত্ৰী, অভিভাৱক, পঢ়াশালি আৰু সামাজিক পৰিবেশ। ছাত্র-ছাত্ৰীৰ উন্নতি সাধাৰণতে ৰোগ ব্যাধি, জড়তা, আলস্য, আমোদ, প্ৰমোদ আৰু নিদ্ৰাই বাধা প্ৰদান কৰে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। সেইকাৰণে এই সকলো ব্যাধি আৰু ৰোগৰ পৰা ৰেহাই পাবলৈ হলে বৰ্তমান যোগভ্যাসৰ প্ৰয়োজনীয়তা আৱশ্যক হৈ পৰিছে। শেষত কব পাৰি যে বৰ্তমান পৰিস্হিত শৰীৰ, মন আৰু মগজুক সুস্থ ৰাখিবলৈ অতীজৰে পৰা যোগভ্যাস উৎকৃষ্ট আহিলা হিচাপে গন্য কৰা হৈছে। বিভিন্ন ধৰণৰ ৰোগৰ পৰা বিৰত ৰখাৰ ওপৰিও হৃদযন্ত্ৰ সুস্থ ৰখাত যোগভ্যাসৰ অৱদান অন্যতম। নতুন নতুন গৱেষণাত ওলাই পৰিছে যে ব্যয়ামেৰে যোগশাস্ত্ৰ বা যোগভ্যাসে মস্তিষ্কলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে। তেনে বৰ্ধিত প্ৰবাহে মস্তিষ্কত নতুন নতুন কোষৰ জন্ম দিয়ে আৰু পুৰণি কোষবোৰকো স্বাস্থ্যৱান কৰি ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *