তন্দুৰি চিকেন (অসমিয়াত) Tandoori Chicken – How to Make it-Grill or Oven
তন্দুৰি চিকেন
উপকৰণ
- কুকুৰা চিকেন : ১ কিলাে ওজনৰ এটা (গােটাকৈয়ে চাফা কৰি ল’ব বা টুকুৰা কৈ কটা)
- ডাঠ দৈ— ১/২ কাপ
- নহৰু : ১২ ফুটা (বটি ল’ব)
- ধনিয়া : ২ চাহ চামুচ
- আদা বটা : ২ চাহ চামুচ
- কলা জীৰা : চাহ চামুচেৰে ১ চামুচ
- নেমুৰ ৰস- ১ or ২ চামুচ
- কাশ্মীৰী জলকীয়া : ৮ টা
- খাদ্যত ব্যৱহাৰ কৰা ৰঙা ৰং (Erythrocyn) : চাহ চামুচেৰে ১ চামুচ (দিব পাৰে)
- ঘিউ : কুকুৰাটোত সানিবৰ জোখাৰে
- নিমখ : সােৱাদ মতে
- ভিনেগাৰ : চাহ চামুচেৰে ২ চামুচ
প্ৰনালী
- প্ৰথমে গুড়ি কৰা কলা জলকীয়া, ধনিয়া আৰু কলা জীৰাখিনি কেৰাহীত ভাজি লব লাগিব।
- তাৰ পিচত আদা-নহৰু বটা দি, নিমখ, তেল আৰু ভিনেগাৰখিনি (বা নেমু) ভালদৰে মিহলাই লওক।
- দেখাত সুন্দৰ হ’বৰ কাৰনে ৰঙা ৰঙো দিব পাৰে।
- এতিয়া বটা মচলাখিনি কুকুৰাটোত সানি মেৰিনেট কৰিব লাগিব। মেৰিনেট ২ ঘণ্টামানৰ বাবে কৰিব পাৰে বা বেছিকৈওঁ কৰিব পাৰে। কিন্তু মিনিমাম ১ ঘণ্টা কৰিব লাগিব।
- তাৰ পিচত লোৰ শলা এডালত, কুকুৰাটো ভালকৈ ভৰাই বা সী লৈ পকা অঙঠাৰ ওপৰত বা তন্দুৰ বা গ্ৰীলত প্ৰয়োজন মতে সেকিব লাগিব।
- সাধাৰনতে অঙঠাৰ ওপৰত ২০-৩০ মিনিট আৰু গ্ৰীলত ৪০-৫০ মিনিট সেকিলেই কুকুৰাটো সিজে।
- এটা কথা মনত ৰাখিব যে সেকাৰ সময়ত কুকুৰাটোত মাজে মাজে বাটাৰ বা ঘিউ সানি থাকিব লাগে যাতে ই সুন্দৰকৈ সিজে।
- তাৰ পিচত ধুনীয়াকৈ সজাই পিয়াজ, গাজৰ, নেমুৰ মিশ্ৰনৰে পৰিবেশন কৰিলে হ’ল। চাইজ বোৰ নিজৰ মতে কাতি ল’ব।